ধনন্তৰী আঁচনি মুকলিঃ সহজে উপলব্ধ নোহোৱা ঔষধ ঘৰতে যোগান ধৰিব অসম চৰকাৰে

ধনন্তৰী আঁচনি মুকলিঃ সহজে উপলব্ধ নোহোৱা ঔষধ ঘৰতে যোগান ধৰিব অসম চৰকাৰে

ধনন্তৰী আঁচনি মুকলিঃ সহজে উপলব্ধ নোহোৱা ঔষধ ঘৰতে যোগান ধৰিব অসম চৰকাৰে

সহজে উপলব্ধ নোহোৱা ঔষধ ঘৰতে যোগানৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে ধনন্তৰী শীৰ্ষক এখন আঁচনি মুকলি কৰিছে ৷ এই কথা ঘোষণা কৰি শুকুৰবাৰে এখন সংবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কোনো এজন ব্যক্তিৰ ঘৰৰ ১০ কিলোমিটাৰ অঞ্চলত অথবা সেই ব্যক্তিজনৰ গৃহ জিলা আৰু ৰাজ্যত উপলব্ধ নোহোৱা ঔষধ এই আঁচনিৰ অধীনত ঘৰতে যোগান ধৰা হ’ব ৷ “এই ধনন্তৰী আঁচনিৰ অধীনত ঔষধ লাভৰ বাবে ১০৪নম্বৰত ফোন কৰিব লাগিব ৷ ফোন কৰাৰ সময়ত ঔষধৰ নাম জনাব লাগিব ৷ ৱাটছএপতো সেই নিৰ্দিষ্ট ঔষধৰ নাম সম্বলিত প্ৰেছক্ৰিপচন প্ৰেৰণ কৰিব লাগিব ৷ আমাৰ আশা কৰ্মী আৰু এম পি ডব্লিউ কৰ্মীয়ে ঔষধ সংগ্ৰহ কৰিব আৰু ব্যক্তিজনক ঘৰতে যোগান ধৰিব ৷ যদি ঔষধৰ দাম ২০০টকা বা তাতকৈ কম হয়, তেন্তে সেই ঔষধ বিনামূল্যে যোগান ধৰা হ’ব ”৷ স্বাস্থ্যমন্ত্ৰী শৰ্মাই এইদৰে কয় ৷ ইপিনে, এই ঔষধ ঘৰতে যোগানৰ বাবে আঠ ঘণ্টাৰ পৰা সাতদিনৰ প্ৰয়োজন হ’ব পাৰে বুলি স্বাস্থ্য মন্ত্ৰী শৰ্মাই সদৰী কৰি লগতে কয় যে যদি কোনো এটা অঞ্চলতহে সেই অঞ্চলৰ এজন লোকে বিচৰা ঔষধটো পোৱা নাযায়, তেন্তে সেই ঔষধ আঠ ঘণ্টাৰ ভিতৰতে সংগ্ৰহ কৰি লোকজনৰ ঘৰত যোগান ধৰা হ’ব ৷ আনহাতে, যদি এজন লোকৰ গৃহ জিলাত তেওঁ বিচৰা ঔষধটো পোৱা নাযায়, তেন্তে সেই ঔষধ তেওঁক যোগানৰ বাবে এদিন বা দুদিন সময়ৰ প্ৰয়োজন হ’ব ৷ যদি ৰাজ্যত সেই ঔষধ পোৱা নাযায়, তেন্তে সেই ঔষধ যোগানৰ বাবে সাতদিন সময়ৰ প্ৰয়োজন হ’ব বুলি মন্ত্ৰীজনে কয় ৷

Tags

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com