অসমীয়া উইকিপেডিয়া সমৃদ্ধিশালীকৰণৰ বাবে আমি যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিমঃ কুলধৰ শইকীয়া

অসমীয়া উইকিপেডিয়া সমৃদ্ধিশালীকৰণৰ বাবে আমি যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিমঃ কুলধৰ শইকীয়া

অসমীয়া উইকিপেডিয়া সমৃদ্ধিশালীকৰণৰ বাবে আমি যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিমঃ কুলধৰ শইকীয়া

অসমীয়া উইকিপেডিয়াক অধিক সমৃদ্ধিশালীকৰণৰ উদ্যোগ লৈছে অসম সাহিত্য সভাই ৷ অসমীয়া উইকিপেডিয়াত গল্প-প্ৰৱন্ধ আদি ৰচনাৰ বাবে যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰশিক্ষণ প্ৰদানৰ প্ৰস্তুতি চলাইছে সাহিত্য সভাই ৷ এই কথা সদৰী কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য ঘোষণা কৰা তলাবন্ধ বা ল’ক-ডাউন শেষ হোৱাৰ পাছত সাহিত্য সভাই এই প্ৰশিক্ষণ প্ৰদানৰ কাম আৰম্ভ কৰিব ৷ কিছুদিন পূৰ্বে বিশিষ্ট সাহিত্যিক শইকীয়াই ছ’চিয়েল মিডিয়াৰ জৰিয়তে অসমীয়া উইকিপেডিয়াত গল্প-প্ৰৱন্ধ আদি লিখিবলৈ আহ্বান জনায়। তেওঁৰ এই আহ্বানৰ প্ৰতি বিপুল সংখ্যক লোকে ইতিবাচক সঁহাৰি আগবঢ়োৱা বুলি জানিবলৈ দি শইকীয়াই কয়, “ মই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিদেশত থকা অসমৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতিছিলো। মোৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৫০-৬০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া উইকিপেডিয়াত লিখিবলৈ লৈছে" ৷ উল্লেখ্য যে ২০০২ৰ দুই জুনত অসমীয়া উইকিপেডিয়া মুকলি কৰা হয় ৷ ইয়াৰ সৈতে পঞ্জীয়ন কৰি বিনামূল্যে যিকোনো ব্যক্তিয়ে অসমীয়া উইকিপেডিয়াত লিখিব পাৰে ৷ অসমীয়া উইকিপেডিয়াক অধিক সমৃদ্ধিশালীকৰণ সন্দৰ্ভত সাহিত্য সভাৰ সভাপতি শইকীয়াই আৰু কয়, “ চলিত ল’ক-ডাউনৰ ম্যাদ শেষ হোৱাৰ পাছত আমি ৰাজ্যৰ প্ৰতিখন জিলাতে কৰ্মশালাৰ আয়োজন কৰিম ৷ এই কৰ্মশালাসমূহত অসমীয়া উইকিপেডিয়াত কেনেদৰে লিখিব লাগে, সেই সংক্ৰান্তীয় প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ”৷ শইকীয়াই লগতে Google Translateত অসমীয়া শব্দ সংযোজন কৰিবলৈও ৰাইজৰ প্ৰতি আহ্বান জনায় ৷ “ যিকোনো ব্যক্তিয়ে Google Translateত অসমীয়া শব্দ আৰু ফঁকৰা-যোজনা আদি সংযোজন কৰিব পাৰে ৷ এই কাৰ্যই অসমীয়া ভাষাক অধিক সমৃদ্ধিশালী কৰিব ”৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com