Begin typing your search above and press return to search.

প্ৰাক্তন মন্ত্ৰী দেৱানন্দ কোঁৱৰৰ বিয়োগত মুখ্যমন্ত্ৰী সোণোৱালৰ শোক

প্ৰাক্তন মন্ত্ৰী দেৱানন্দ কোঁৱৰৰ বিয়োগত মুখ্যমন্ত্ৰী সোণোৱালৰ শোক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 April 2020 7:49 AM GMT

প্ৰাক্তন মন্ত্ৰী দেৱানন্দ কোঁৱৰৰ বিয়োগত মুখ্যমন্ত্ৰী সোণোৱালৰ শোক

প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন ৰাজ্যপাল তথা একালৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱানন্দ কোঁৱৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰবীণ ৰাজনীতিকজনৰ বিয়োগত শোকপ্ৰকাশ কৰি মুখ্যমন্ত্ৰী সোণোৱালে টুইটাৰত কয়, “ বিহাৰ, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল তথা অসমৰ প্ৰাক্তন মন্ত্ৰী দেৱানন্দ কোঁৱৰৰ বিয়োগৰ বাৰ্তা পাই মৰ্মাহত হ’লো ৷ তেওঁৰ পৰিয়াল তথা আত্মীয়-স্বজন আৰু গুণমুগ্ধসকললৈ সমবেদনা জনালো" ৷ আজি পুৱা কোঁৱৰৰ বিয়োগ ঘটে ৷ উল্লেখ্য যে কোঁৱৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত ১৯৯১ত মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তৰুণ গগৈ চৰকাৰৰ দিনতো তেওঁ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। পাছত তেওঁ বিহাৰ, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ কৰে ৷ ইয়াৰ পূৰ্বে ১৯৫৫ত তেওঁ ছাত্ৰ নেতাৰূপে কংগ্ৰেছত যোগদান কৰে ৷ বৰ্ষীয়ান ৰাজনীতিকজনৰ বিয়োগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু অসম বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়া আদিয়েও শোক প্ৰকাশ কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: দোকান-পোহাৰ খোলা সম্পৰ্কে ২৭এপ্ৰিলতহে সিদ্ধান্ত ল’ব অসম চৰকাৰেঃ মুখ্য সচিব

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story