দোকান-পোহাৰ খোলা সম্পৰ্কে ২৭এপ্ৰিলতহে সিদ্ধান্ত ল’ব অসম চৰকাৰেঃ মুখ্য সচিব

দোকান-পোহাৰ খোলা সম্পৰ্কে ২৭এপ্ৰিলতহে সিদ্ধান্ত ল’ব অসম চৰকাৰেঃ মুখ্য সচিব

দোকান-পোহাৰ খোলা সম্পৰ্কে ২৭এপ্ৰিলতহে সিদ্ধান্ত ল’ব অসম চৰকাৰেঃ মুখ্য সচিব

অসমত দোকান-পোহাৰ খোলা সম্পৰ্কে অহা ২৭এপ্ৰিলতহে সিদ্ধান্ত ল’ব অসম চৰকাৰে ৷ এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য কেন্দ্ৰই আৰোপ কৰা তলাবন্ধ বা ল’ক-ডাউনৰ ম্যাদ অহা তিনি মে’ত অন্ত পৰিব ৷ ইয়াৰ পূৰ্বে যোৱা নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অধিক ক’ৱিড-১৯অ-প্ৰভাৱিত অঞ্চলত কিছু বাধ্যবাধকতাসহ অ-অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান-পোহাৰ খোলাৰো অনুমতি দি এক নিৰ্দেশনা জাৰি কৰে ৷ সেই অনুসৰি কেতবোৰ অঞ্চলত দোকান-পোহাৰ খোলা হৈছে ৷ অসমৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই কয় যে অসম চৰকাৰে চেলুন, বিউটী পাৰ্লাৰৰ দৰে বিপণী পুনৰ খোলাৰ অনুমতি দিয়াৰ সিদ্ধান্ত বৰ্তমানলৈকে লোৱা নাই ৷ একেদৰে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগ (ডি আই পি আৰ)-এও এটা টুইটত কয় যে দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান সম্পৰ্কে ৰাজ্য চৰকাৰে অহা ২৭এপ্ৰলিতহে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ অসম আৰক্ষীৰ শীৰ্ষ স্তৰেও এনে ইংগিত দিছে ৷ উল্লেখ্য যে বৰ্তমানলৈকে অসমত ৩৫জন ক’ৰ’না ভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে ৷ ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে অধিকাংশ আক্ৰান্তই সুস্থ হৈছে ৷ কমেও ১৯জনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com