শীৰ্ষ বাতৰি

২০১৯ৰ তুলনাত এইবাৰ ৮০শতাংশ কমিল জি এছ টি সংগ্ৰহঃ বিত্তমন্ত্ৰী শৰ্মা

Sentinel Digital Desk

২০১৯ৰ তুলনাত এইবাৰ ৮০শতাংশ কমিল জি এছ টি সংগ্ৰহঃ বিত্তমন্ত্ৰী শৰ্মা

ক’ৱিড-১৯মহামাৰী ৰোধৰ উদ্দেশ্য দেশজোৰা তলাবন্ধ (ল’ক-ডাউন)ঘোষণা কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অসমত এইবাৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)সংগ্ৰহ উদ্বেগজনক হাৰত হ্ৰাস পালে ৷ আনকি যোৱা বছৰৰ এই সময়ছোৱাৰ তুলনাত এইবাৰ জি এছ টি সংগ্ৰহ ৮০শতাংশ পৰ্যন্ত হ্ৰাস পাইছে ৷ বুধবাৰে এখন সংবাদমেলত এই উদ্বেগজনক তথ্য সদৰী কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে ২০১৯ৰ এপ্ৰিলত ৰাজ্যত ৯৩৬কোটি টকাৰ জি এছ টি সংগ্ৰহ হৈছিল ৷ কিন্তু এইবছৰৰ এপ্ৰিলত ইয়াৰ পৰিমাণ ১৯০কোটি টকালৈ হ্ৰাস পায় ৷ তৎসত্বেও চৰকাৰী চাকৰিয়ালে অহা মে’ৰ দৰমহা লাভ কৰিব বুলি তেওঁ ঘোষণা কৰে ৷ সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয় যে ৰাজ্যত ক’ৱিড-১৯আক্ৰান্তক চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা আছে ৷ কিন্তু জি এছ টি সংগ্ৰহৰ পৰিমাণে হ্ৰাসে উন্নয়নমূলক কাম-কাজ বাধাগ্ৰস্ত কৰাৰ আশংকা আছে৷ ইপিনে, আজি আৰু দুজন ক’ৰ’না আক্ৰান্তক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ৷ দুয়োজন সুস্থ হৈছে ৷ ফলত সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আক্ৰান্তৰ সংখ্যা ৰাজ্যত সাতজনলৈ হ্ৰাস পাইছে ৷