শীৰ্ষ বাতৰি

" মই হিন্দীৰ এটা শব্দও বুজি নাপাওঁ" প্ৰধানমন্ত্ৰীৰে বৈঠকৰ৷পাছত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ মন্তব্য

Sentinel Digital Desk

" মই হিন্দীৰ এটা শব্দও বুজি নাপাওঁ" প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকৰ পাছত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ মন্তব্য। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ ভিডিঅ ৰোগে এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দেশৰ কেৱল ন গৰাকী মুখ্যমন্ত্ৰীহে কথা ক’বলৈ সক্ষম হয় ৷ একাংশই এই কথাটো বেয়া পায় । কিয়নো তেওঁলোকে ৩ মে'ত অন্ত পৰিবলগীয়া ল’ক-ডাউন সদ্পৰ্কে তেওঁলোকৰ ব্যক্তিগত মতামত উত্থাপন কৰিব বিচাৰিছিল।

ইয়াৰ মাজতে মিজোৰামৰ মুখ্যমন্ত্ৰী জৰামথাংগাই সকলোকে আচৰিত কৰি তুলে । ক’ৱিড-১৯ সম্পৰ্কে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ পিছত তেওঁ কয় যে তেওঁ এই বৈঠকৰ এটা শব্দও বুজি নাপালে । কিয়নো এই বৈঠকত হিন্দী কোৱা হৈছিল আৰু তেওঁ হিন্দী ভাষা নাজানে ।

উল্লেখ্য যে লকডাউনৰ সময়ত যিসকলে বিমানৰ টিকট বুক কৰিছিল সেই সকল লোকক টিকটৰ মূল্য ঘূৰাই দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছে ।

উল্লেখ্য যে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ছিকিমক বাদ দি সাতখন ৰাজ্যত বৰ্তমানলৈ ৫৫জন ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰে অধিকাংশ অৰ্থাত্ ৩৬জন হৈছে অসমৰ। আজিও অসমত এগৰাকী ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত হয়। ইপিনে, দেশত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২৯,৪৩৫জনলৈ বৃদ্ধি পাইছে। একেদৰে মৃতকৰ সংখ্যা ৯৩৪জনলৈ বৃদ্ধি পাইছে। এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। আনহাতে, ক’ৰ’না মুক্ত হৈছে ত্ৰিপুৰা। ৰাজ্যকনৰ দ্বিতীয়জন ৰোগীৰ পৰীক্ষা নিগেটিভ বুলি অলপতে ঘোষণা কৰে মুখ্যমন্ত্ৰী বিপ্লৱ দেবে। ইয়াৰ পূৰ্বে মণিপুৰ ক’ৰ’না মহামাৰীৰ পৰা মুক্ত হয়। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবে বৃহস্পতিবাৰে এই কথা সদৰী কৰি কয় যে ত্ৰিপুৰাৰ দ্বিতীয়জন ক’ৰ’না ৰোগীৰ দুবাৰকৈ কৰা নমুনা পৰীক্ষা নিগেটিভ ওলোৱাৰ পিছত ত্ৰিপুৰা ক’ৰ’না মুক্ত হৈছে। এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰৰ জৰিয়তে ঘোষণা কৰে আৰু সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনায়।