শীৰ্ষ বাতৰি

অসমৰ পাছত মণিপুৰৰ পদক্ষেপঃ পৰীক্ষা অবিহনে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক দ্বাদশলৈ উত্তীৰ্ণ

Sentinel Digital Desk

অসমৰ পাছত মণিপুৰৰ পদক্ষেপঃ পৰীক্ষা অবিহনে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক দ্বাদশলৈ উত্তীৰ্ণ

অসমৰ পাছত মণিপুৰেও পৰীক্ষা অবিহনেই একাদশ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীক দ্বাদশলৈ উত্তীৰ্ণ কৰিলে। ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত মণিপুৰতো একাদশ শ্ৰেণীৰ পৰীক্ষাত ব্যাঘাত জন্মে। ৰাজ্যখনত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু পৰীক্ষা ২৬ মাৰ্চত অন্ত পৰাৰ কথা আছিল। কিন্তু ১৯ ফেব্ৰুৱাৰীত পাঁচটা প্ৰধান বিষয়ৰ প্ৰশ্নকাকত ছ’চিয়েল মিডিয়াত ফাদিল হয়। ইয়াৰ লগে লগে পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰে মণিপুৰ উচ্চতৰ মধ্যমিক শিক্ষা সংসদ(COHSEM)-এ। তদুপৰি ঘটনাৰ তদন্তৰ নিৰ্দেশো জাৰি কৰে চৰকাৰে। আনহাতে, পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ বাবে সেয়া সম্ভৱ নহল। গতিকে একাদশ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীক পৰীক্ষা অবিহনেই উত্তীৰ্ণ কৰাই দিছে চৰকাৰে। যোৱা ২০ এপ্ৰিলত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে এই সিদ্ধান্ত লয়। এই কথা সদৰী কৰি শিক্ষা সংসদৰ সচিব বীৰেন সিঙে কয় যে একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰৱেশপত্ৰ আৰু আভ্যন্তৰীণ মূল্যাংকণ প্ৰদৰ্শন কৰা ফলাফলত ভিত্তি কৰি ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা অবিহনেই দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিয়া হব। ইতিমধ্যে এই সংক্ৰান্তীয় যাৱতীয় নিৰ্দেশনা সকলো কলেজ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ চাৰি কৰা হৈছে বুলি সচিব সিঙে সদৰী কৰে। ইয়াৰ পূৰ্বে অসম চৰকাৰে পৰীক্ষা অবিহনেই একাদশ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীক দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য য়ে পূৰ্বে অসম উচ্চতম মাধ্যমিক শিক্ষা সংসদে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ দিন ২৫ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ ঠাৱৰ কৰিছিল। কিন্তু তাৰ পূৰ্বেই ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্য ৰাজ্য চৰকাৰে সকলো শিক্ষানুষ্ঠানৰ বন্ধ ঘোষণা কৰে। আনহাতে, ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত বন্ধ থকা ৰাজ্যৰ বিদ্যালয়সমূহত অহা ১৫মে’ৰ পাছত পুনৰ পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ক’ৰ’না মহামাৰীৰ প্ৰাৰ্দুভাৱৰ বাবে যোৱা ১৫ মাৰ্চৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়ৰ বন্ধ ঘোষণা কৰা হয়। এই সম্পৰ্কত শিক্ষা বিভাগৰ সূত্ৰই জনোৱা মতে, যদিও অহা তিনি মে’ত চলিত দেশজোৰা তলাবন্ধৰ ম্যাদ অন্ত পৰিব, কিন্তু বিদ্যালয়সমূহ ১৫ মে’ৰ পাছতহে মুকলিৰ সম্ভাৱনা আছে। আনহাতে, প্ৰায় তিনি মাহ অসময়ত বিদ্যালয় বন্ধ দিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত এইবছৰ গ্ৰীষ্ম-বন্ধৰ পোষকতা কৰা নাই ৰাজ্যৰ শিক্ষক সমাজে।