ক’ৱিড প্ৰতিৰোধঃ মেঘালয় চৰকাৰে পুৰণি গাড়ী কিনি এম্বুলেন্সৰূপে ব্যৱহাৰৰ সন্দেহ

ক’ৱিড প্ৰতিৰোধঃ মেঘালয় চৰকাৰে পুৰণি গাড়ী কিনি এম্বুলেন্সৰূপে ব্যৱহাৰৰ সন্দেহ

ক’ৱিড প্ৰতিৰোধঃ মেঘালয় চৰকাৰে পুৰণি গাড়ী কিনি এম্বুলেন্সৰূপে ব্যৱহাৰৰ সন্দেহ

ক’ৱিড-১৯ মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰৰ উপৰি দেশৰ সকলো ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই মেঘালয় চৰকাৰো। কিন্তু পাহাৰীয়া ৰাজ্যখনৰ চৰকাৰে তলাবন্ধৰ সময়ছোৱাত পুৰণি গাড়ী ক্ৰয় কৰি ১০৮ সেৱাত এম্বুলেন্সৰূপে ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে।এই সন্দেহ ঘণীভূত হয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই নতুলকৈ ক্ৰয় কৰা ২৫খন ১০৮ এম্বুলেন্সৰ ফটো টুইটাৰত আপলোড কৰাত। তলাবন্ধৰ সময়চোৱাত এই এম্বুলেন্সসমূহ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধনেৰে ক্ৰয় কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে আপলোড কৰা এই ফটোত এম্বুলেন্সৰূপে ব্যৱহৃত কেইবাখনো গাড়ীৰ পঞ্জীয়ন উত্তৰ প্ৰদেশৰ। ইয়াৰে এখন গাড়ীৰ পঞ্জীয়ন নম্বৰ হ’ল ইউ পি৩২-এম এন-৭৬০৮। গতিকে চাংমা চৰকাৰে উত্তৰ প্ৰদেশৰ পৰা পুৰণি গাড়ী ক্ৰয় কৰি এম্বুলেন্সৰূপে ব্যৱহাৰ কৰা বুলি ব্যাপক চৰ্চা হৈছে। অৱশ্যে মেঘালয় চৰকাৰে ক’ৱিড-১৯ মহামাৰী নিয়ন্ত্ৰণত দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। তথাপি ৰাজ্যখনৰ চৰকাৰে অহা তিনি মে’ত অন্ত পৰিবলগীয়া তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰিবলৈ কেন্দ্ৰক অনুৰোধ জনাইছে। এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী চংমাই কয়, “ আমাৰ ৰাজ্যৰ সেউজ মণ্ডলসমূহক বাদ দি আমি তিনি মে’ৰ পাছতো তলাবন্ধ বাহাল ৰাখিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনালো”। আনহাতে, আন্তৰ্জাতিক খ্যাতিসম্পন্ন মাইক্ৰ’বায়’লজাষ্ট ডা ৰাজেশ এন চাৰনে কয় যে সম্প্ৰতি ক’ৱিড-১৯নিয়ন্ত্ৰণত মেঘালয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু ইয়াকে লৈ মেঘালয় চৰকাৰ আত্মসন্তুষ্টিত ভোগা উচিত নহয় বুলি মতপোষণ কৰি ডাঃ চাৰনে লগতে কয়, “ এই মহামাৰী সৃষ্টি। কৰিছে এবিধ নতুন ভাইৰাছে ৷ এতিয়া দেখা গৈছে চে এই ভাইৰাছে মানৱ শৰীৰত প্ৰৱেশ কৰাৰ দুসপ্তাহৰ পাছলৈকে ৰোগৰ কোনো লক্ষণ ফুটি নুঠিব পাৰে ৷ কিন্তু আইছ’লেচনত ১৪দিনৰ বাবেহে ৰখা হয়৷ গতিকে অধিক সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন ৷" নেহু বিশ্ববিদ্যালয়ত কৰ্মৰত হৈ আছে ডাঃ চাৰন ৷ মেঘালয়ত মুঠ ক’ৱিড-১৯ আক্ৰান্ত ব্যক্তি হ’ল ১২ জন । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই কথা সদৰী কৰিছে ৷

মেঘালয়ত ১৩ এপ্ৰিলত প্ৰথমজন ক’ৱিড-১৯ আক্ৰান্ত ব্যক্তি চিনাক্ত কৰা হয়। আক্ৰান্ত ব্যক্তিজন শ্বিলঙৰ বাথানী হাস্পতালৰ চিকিৎসক আছিল। ৰোগ চিনাক্তকৰণৰ প্ৰায় ৪৮ ঘন্টাৰ ভিতৰত লোকজনৰ মৃত্যু হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com