শীৰ্ষ বাতৰি

 অসমৰ হস্তী বনাঞ্চলত কয়লা খননত সন্মতি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ, প্ৰতিক্ৰিয়া

Sentinel Digital Desk

অসমৰ হস্তী বনাঞ্চলত কয়লা খননত সন্মতি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ, প্ৰতিক্ৰিয়া

ক’ৱিড-১৯মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য সমগ্ৰ দেশত তলাবন্ধ (লক-ডাউন)বলবৎ ৰখাৰ সময়তে অসমৰ এখন হস্তী বনাঞ্চলৰ এটা অংশত কয়লা খননৰ সন্মতি দিছে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ড(এন বি ডব্লিউ এল)-এ ৷ প্ৰাপ্ত তথ্য অনুসৰি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ স্থায়ী সমিতি (ষ্টেণ্ডিং কমিটী)য়ে ছালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে ৷ এই প্ৰস্তাৱিত বনাঞ্চল দিহিং-পাটকাই সংৰক্ষিত হস্তী বনাঞ্চলৰ অন্তৰ্গত ৷ দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে ডিব্ৰুগড়, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ বহু বনাঞ্চল দিহিং-পাটকাই সংৰক্ষিত হস্তী বনাঞ্চলৰ অন্তৰ্গত ৷ যোৱা সাত এপ্ৰিলত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ ষ্টেণ্ডিং সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে ছালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯হেক্টৰ ভূমিত কয়লা খননৰ বাবে ব্যৱহাৰত সন্মতি প্ৰদান কৰা হয় ৷ এই কয়লা খনন ভাৰতীয় কয়লা প্ৰাধিকৰণৰ অধীনৰ উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ অধীনত কৰা হ’ব বুলি এক সূত্ৰই জনায় ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ড হৈছে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনৰ সংস্থা ৷

কেনেদৰে সন্মতি দিয়া হ’ল এই কয়লা খননৰ

প্ৰাপ্ত তথ্য অনুসৰি ২০১৯ৰ জুলাইত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডে এখন সমিতি গঠন কৰে ৷ সমিতিখনত ব’ৰ্ডৰ সদস্য আৰ সুকুমাৰ আৰু অসমৰ বন্যপ্ৰাণী ৱাৰ্ডেনকো ৰখা হয় ৷ পাছত চলিত বৰ্ষৰ সাত এপ্ৰিলত অনুষ্ঠিত এই সমিতৰ বৈঠকৰ অন্তত ছালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত কয়লা খননৰ সন্মতি প্ৰদান কৰা হয় ৷ এই সম্পৰ্কত এন বি ডব্লিউৰ সদস্য সুকুমাৰে উল্লেখ কৰে যে ছালেকী সংৰক্ষিত বনাঞ্চলৰ ৫৭. ২০হেক্টৰ পাহাৰীয়া ভূমি ইতিমধ্যে কয়লা খননৰ সৈতে জড়িত সংস্থাই ভাঙিছে। তদুপৰি ৪১.৩৯ হেক্টৰ ভূমি ভাঙি থকা হৈছে ৷ এই ক্ষেত্ৰত সাৱধানতাৰে আগবঢ়াৰ পোষকতা কৰে তেওঁ ৷ কিন্তু বৈঠকত ছালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত কয়লা খননৰ সন্মতি দিয়া হয় ৷

পৰিৱেশ কৰ্মীৰ তীব্ৰ প্ৰতিক্ৰিয়াঃ

ছালেকী সংৰক্ষিত বনাঞ্চলৰ ভূমিত কয়লা খননৰ সন্মতি প্ৰদানক লৈ একাংশ পৰিৱেশ কৰ্মীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ একাংশ পৰিৱেশ কৰ্মীয়ে অভিযোগ কৰা অনুসৰি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে স্থানীয়(ৰাজ্যিক) বন আৰু বন্যপ্ৰাণী আইন উলংঘা কৰি ছালেকী সংৰক্ষিত বনাঞ্চলত কয়লা খননত সন্মতি প্ৰদান কৰিছে ৷