হাইলাকান্দিৰ ডায়েটত অতিথি অধ্যাপকৰ পদ খালী

হাইলাকান্দিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)-এ অংশকালীন অতিথি অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
হাইলাকান্দিৰ ডায়েটত অতিথি অধ্যাপকৰ পদ খালী
Published on

হাইলাকান্দিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)-ৰ বিষয়েঃ 

২০১৪-ত হাইলাকান্দিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান  (DIET) প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠান হাইলাকান্দি নগৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগৰ হাইলাকান্দি অগ্নি-নিৰ্বাপন কেন্দ্ৰৰ ওচৰত অৱস্থিত।  শিক্ষণ ব্যৱস্থা উন্নতকৰণৰ বাবে শিক্ষা বিভাগে নিৰৱচ্ছিন্নভাবে লোৱা পদক্ষেপৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানে জিলাখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।  ইয়াৰ ভৱিষ্যদৃষ্টি অনুসৰি হাইলাকান্দিৰ ডায়েটে ২০১২-২৭-ৰ বাবে এক দৃষ্টিভংগী পৰিকল্পনা প্ৰস্তুত কৰে।

২০১২-১৩-ৰ বাৰ্ষিক বাজেট আৰু বাৰ্ষিক কৰ্ম-পৰিকল্পনা অনুসৰি এই দৃষ্টিভংগী পৰিকল্পনা প্ৰস্তুত কৰা হয়। 

চাৰিটা পদত অতিথি অধ্যাপক নিযুক্তিৰ বাবে হাইলাকান্দিৰ ডায়টে এক নিযুক্তি বিজ্ঞাপন প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে।এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ 

হাইলাকান্দিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)-ত নিযুক্তি ২০২২ঃ 

হাইলাকান্দিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)-এ চাৰিটা অংশকালীন অতিথি অধ্যাপকৰ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদি তথ্য তলত উল্লেখ কৰা হৈছেঃ 

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

 অংশকালীন অতিথি অধ্যাপক

খালী পদ 

৪ টা। 

দৰমহা

ডায়েটৰ নিয়ম অনুসৰি।   

চাকৰিৰ স্থান

হাইলাকান্দি, অসম। 

বয়সৰ সীমা

উল্লেখ নাই। 

আবেদন মাচুল

তথ্য উপলব্ধ নহয়। 

বাছনি প্ৰক্ৰিয়া

  সাক্ষাৎকাৰ

চাকৰিৰ প্ৰকৃতি

অংশকালীন। 

নিযুক্তিৰ বিভাগ

বি এড। 


আবেদনৰ শেষ তাৰিখ

১২ জানুৱাৰী, ২০২২। 

শিক্ষাগত অৰ্হতা :

ইংৰাজীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে বি এড থাকিব লাগিব। বাংলাৰ এম এ হোৱাৰ লগতে বি এড থাকিব লাগিব। যিকোনো শাখাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে এম এড থাকিব লাগিব অথবা এম এ (শিক্ষাতত্ব) হব লাগিব। 

অভিজ্ঞতাঃ প্ৰাৰ্থীৰ স্নাতোকত্তৰত ন্যূনতম ৫৫ শতাংশ নম্বৰ থাকিব লাগিব। তদুপৰি মাধ্যমিক পৰ্যায়ত অন্ততঃ ৩ বছৰৰ শিক্ষাদানৰ অভিজ্ঞতা বিচাৰ হব পাৰে। 

আবেদন নিয়মঃ 

হাইলাকান্দিৰ জিলা ডায়েটলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। আবেদন পত্ৰৰ সৈতে প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা আদি প্ৰমাণপত্ৰৰ স্ব-প্ৰত্যায়িত প্ৰতিলিপি থকাৰ লগতে ই-মেইল আদি উল্লেখ থাকিব লাগিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com