কফি উইথ কৰন ৬: কৰন জহৰৰ অনুষ্ঠানত অজয় দেৱগনৰ সৈতে উপস্থিত থাকিব এইগৰাকী মোহময়ী

ছবি প্ৰযোজক কৰন জহৰৰ জনপ্ৰিয় ৰিয়েলিটী অনুষ্ঠান ‘কফি উইথ কৰন-৬” ৰ এইবাৰৰ অতিথি হ’ব বলীউডৰ অন্যতম অভিনেতা তথা "সিংহম" অজয় দেৱগন । দুয়োগৰাকী বলীউড তাৰকাৰ মাজত কিছু পৰিমানে কিছুমান ব্যক্তিগত কাৰন মত-বিবাদ হোৱা বহু খবৰ পোৱা গৈছিল । কিন্তু কিছু তথ্যৰ পৰা জানিব পোৱা মতে, ছবি প্ৰযোজক কৰন জহৰ আৰু বলিষ্ঠ অভিনেতা অজয় দেৱগনৰ মাজত হোৱা মত-বিবাদ সমূহক পাহৰি নতুত সম্বন্ধৰে আৰম্ভ কৰিছে ।
কিছুদিন পূৰ্বে অজয় দেৱগন আৰু কৰন জহৰক য়শৰাজ ষ্টুডিঅ'ত একেলগে 'স্মক'(Pipe was smoke seen) খাই থকা দেখা গৈছিল । যোৱা বহু সময় ধৰি দুয়োজনৰ মাজত মন-মোতাব চলি আছিল । যাৰ বাবে তেওঁলোক দুয়োজন কেতিয়াও কেতিয়াও ইজনে সিজনৰ সন্মুখলৈ অহা নাছিল । কিন্তু এইকেইদিন দুয়োকে একেলগে মজা কৰি থকা দেখা পোৱা অনুসৰি কব পৰা যায় যে দুয়োগৰাকীক অতি সোনকালে পুনৰ এক অনুষ্ঠান তথা কৰন জহৰে আঁত ধৰা ৰিয়েলিটী অনুষ্ঠানত দেখা পোৱা যাব ।
জানিব পৰা তথ্যানুসৰি,অজয় দেৱগন কৰন জহৰৰ "কফি উইথ কৰন-৬" অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকাৰ প্ৰস্তুতি চলি আছে । পোহৰৰ উৎসৱ দিপাৱলীৰ পিছত এই অনুষ্ঠানৰ শ্বুটিং আৰম্ভ হ'ব বুলি খবৰ পোৱা গৈছে । কিন্তু অনুষ্ঠানত কেৱল অজয় দেৱগন নহয়,অজয় দেৱগনৰ সৈতে অতিথি হিচাপে উপস্থিত থাকিব এই ক্ষেত্ৰ খনৰ লগত জৰিত এগৰাকী হাছিনা তথা মোহময়ী ।
আপোনালোকে কোনো ধৰনৰ আলোচনা কৰা আগতে কৈ দিয়া উচিত যে,"সিংহম বয়" তথা অজয় দেৱগনৰ সৈতে কৰনৰ অনুষ্ঠানলৈ আহিব বলীউডৰ মোহময়ী অভীনেত্ৰী লগতে অজয় পত্নী কাজল ।
কাজল আৰু কৰন বহুত ভাল বন্ধু হয় । তেওঁলোকৰ এই বন্ধুত্ব বহু পুৰনি । মাজতে কৰন আৰু অজয়ৰ মাজত হোৱা বিবাদৰ বাবে কাজলৰ বন্ধুত্বও কমি গৈছিল । ইয়াৰ পিছত কৰন জহৰ যেতিয়া দুটা সন্তানৰ পিতৃ হয় তেতিয়া কাজলে নিজৰ তৰফৰ পৰা কদম আগবঢ়াই কৰনক অভিনন্দন জ্ঞাপন কৰে । পৰবৰ্ত্তী সময়ত কাজল আৰু কৰনে পুৰনা মত-বিৰোধ সমূহ আতঁৰাই নতুন সম্বন্ধৰে আগলৈ সম্পৰ্কটো আগবঢ়াই নিয়ে ।
অধিক খবৰ জানিবলৈ ক্লিক কৰক:‘কফি উইথ কৰন’ত চৌনম কাপুৰ,ৰিহা কাপুৰ আৰু হৰ্ষবৰ্ধন কাপুৰ