Begin typing your search above and press return to search.

বিগ বি-অমিতাভ বচ্চনৰ ৭৫ সংখ্যক জন্মদিন

বিগ বি-অমিতাভ বচ্চনৰ ৭৫ সংখ্যক জন্মদিন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2018 11:23 AM GMT

শ্বেহেনশ্বাহ,এংৰি ইয়ং মেন,বিগ বি,ষ্টাৰ অৱ দ্যা মিলেনিয়াম হিচাপে খ্যাত সকলোৰে প্ৰিয় জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ আজি ৭৫ সংখ্যক জন্মদিন । ভাৰত ত্যাগ আন্দোলন তথা ১৯৪২চনৰ এলহাবাদত আজিৰ দিনটোতে জন্ম গ্ৰহন কৰিছিল প্ৰভাৱশালী,প্ৰতিভাৱান অভিনেতা জন ।

অমিতাভ বচ্চনে অভিনয়ৰ জৰিয়তে চৰকাৰৰ তৰফৰ পৰা কেইবাটাও সন্মানীয় বটাঁ যেনে; পদ্মাশ্ৰী(১৯৮৪), পদ্মভূষন(২০০১),পদ্ম বিভূষন(২০১৫) বটাঁ পাবলৈ সক্ষম হয় ।

অমিতাভ এগৰাকী প্ৰতিভাৱান অভিনেতা হোৱাৰ লগতে এজন সু-প্ৰযোজক,গায়ক,টেলিভিচন ঘোষক,কম্পউচাৰ হিচাপেও প্ৰতিষ্ঠিত । জানজিৰ,দিৱাৰ,চোলে,কভী খুচী কভী গম,বাগবান,কাতে,দেৱ,বান্তি অৰ বাবলি,কভি আলবিদা না কহনা আদিৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰি দৰ্শকৰ মন আকৰ্ষন কৰিবলৈ সক্ষম হৈছিল অমিতাভ বচ্চনে । ইয়াৰোপৰি তেওঁ বৰ্তমান ব্যস্ত আছে 'থগ অৱ হিন্দুস্তান' নতুনকৈ আহিবলগীয়া ছবিৰ কামত ।ছবি খনত অভিনয় কৰিছে আমিৰ খান,কেটৰিনা আদি তাৰকা সকলে ।ছবি খনৰ মুক্তিৰ বাবে অধীৰ আশাৰে বাট চায় আছে তেওঁৰ অনুৰাগী সকলে ।ছবিৰ লগতে তেওঁক বৰ্তমান এগৰাকী ঘোষক তথা অনুষ্ঠানৰ আতঁ ধৰোতা হিচাপে দেখা পোৱা গৈ আছে চ'নি চেনেলৰ সম্প্ৰসাৰিত হোৱা "কৌন বনেগা কোড়োৰপতি' ৰিয়েলিটী অনুষ্ঠানত । সেয়ে আজিৰ জন্মদিন উপলক্ষে তেওঁৰ আগন্তুক দিনৰ ছবি খনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অভিনেতা গৰাকীৰ দীৰ্ঘায়ু কামনা কৰা হ'ল ।

Next Story
চাকৰি