Begin typing your search above and press return to search.

পুত্ৰীক লৈ এটি জুপুৰীত প্ৰবেশ কৰিলে বলীউডৰ এইগৰাকী অভিনেতাই

পুত্ৰীক লৈ এটি জুপুৰীত প্ৰবেশ কৰিলে বলীউডৰ এইগৰাকী অভিনেতাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2019 1:43 PM GMT

বলীউডৰ অভিনেতা অক্ষয় কুমাৰ নিজৰ বিভিন্ন ব্যতিক্ৰমী চিন্তা ধাৰাৰ কাৰণে জনা যায় ।সদ্য হতে অক্ষয় কুমাৰ নিজৰ পুত্ৰীৰ সৈতে প্ৰবেশ কৰিলে এটি জুপুৰীত । প্ৰাতঃভ্ৰমণ কৰিবলৈ যাওঁতে বলীউডৰ অভিনেতাজনে নিজৰ পুত্ৰীক লৈ এঘৰ সাধাৰণ মানুহৰ ঘৰত প্ৰবেশ কৰে ৷আৰু এই সমস্ত কাৰ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বলীউডৰ অভিনেতা গৰাকীয়ে।

অক্ষয় কুমাৰ প’ষ্টটোত লিখে যে আজি প্ৰাতঃভ্ৰমণ কৰিবলৈ যাওঁতে জীৱনৰ এটি শিক্ষা লাভ কৰিলো৷এই বৃদ্ধ দম্পত্তীৰ গৃহত প্ৰবেশ কৰি পানী বিছাৰিছিলো ৷আৰু তেওঁলোকে আমাৰ কাৰণে ৰুটি আৰু গড় তৈয়াৰ কৰি আপ্যায়ন কৰিলে ৷ গতিকে দয়ালু হ’বলৈ ব্যয় নহয় যদিও ইয়াৰ জৰিয়তে বহুত সুখ লাভ কৰা যায় ৷ইফালে অক্ষয় কুমাৰ পৰিয়ালে সম্প্ৰতি মহাৰাষ্ট্ৰৰ গাঁৱত আজৰি সময় অতিবাহিত কৰি আছে। উল্লেখ্য যে অক্ষয় কুমাৰৰ হাউচফুল ৪ ইতিমধ্যে মুক্তি লাভ কৰিছে আৰু ছবিখনে ১০৯ কোটি টকা উপাৰ্জন কৰিছে ৷

https://twitter.com/akshaykumar/status/1189830362697887745

অক্ষয় কুমাৰ অনাগত সময়ত আহিব লগীয়া ছবি লক্ষ্মী বম্বৰ ফাষ্ট প’ষ্টাৰ শ্বেয়াৰ কৰিছে। এই প’ষ্টাৰ খনত অক্ষয় কুমাৰক মা দুৰ্গাৰ সন্মুখত ৰঙা চকুৰে কিন্নৰৰ ৰূপত দেখা গৈছে ।উল্লেখ্য যে এই ছবিখন হৈছে তামিল ছবি “কাঞ্চনা”ৰ ৰিমেক। অক্ষয় কুমাৰে লক্ষ্মী বম্বৰ প্ৰথম প’ষ্টাৰখন শ্বেয়াৰ কৰি লিখিছে যে নৱৰাত্ৰীৰ শুভ ক্ষণত মই আপোনালোকৰ মাজত লক্ষ্মী বম্বৰ প্ৰথম প’ষ্টাৰ শ্বেয়াৰ কৰিছো ।

মই এই চৰিত্ৰটোৰ কাৰণে যথেষ্ট উৎসাহী । কিন্তু আমি আমাৰ কমফৰ্ট জনৰ পৰা বাহিৰলৈ আঁহোতেই জীৱন আৰম্ভ হয়। আনহাতে লক্ষ্মী বম্ব ৰাঘৱ লৰেন্সৰ ছবি কাঞ্চনাৰ ৰিমেক ৷ ছবি খনত অক্ষয় কুমাৰৰ ওপৰিও কিয়াৰা আডৱানিয়ে অভিনয় কৰিব। এই ছবিখনে মুক্তি লাভ কৰিব ২০২০ চনৰ ৫ জুনত।

হাউচফুল ৪ পুনৰ জনমৰ কাহিনীৰ ওপৰত আধাৰিত ৷ ছবি খন দুটা পৃথক পৃথক সময়ক দেখুওৱা হৈছে। দীৱালীত মুক্তি পোৱা ছবিখনত অক্ষয় কুমাৰৰ ওপৰিও কৃতি চানন,ববী দেওল,ৰিতেশ দেশমুখ,পূজা হেগৰে,চাংকি পাণ্ডে আৰু বোমন ইৰাণীয়ে অভিনয় কৰিছে ।

প্ৰযোজক চাজিদ নাডিয়াৱালাৰ মন্তব্য অনুসৰি হাউচফুল ৪ বিগ বাজেটৰ ছবি। ছবিখনত ৭৫ কোটি টকা ব্যয় হৈছে ৷ ২০১০ চনত মুক্তি পোৱা হাউচ ফুল ফেন্সাইজীৰ হাউচফুল ৪ চতুৰ্থ নম্বৰৰ ছবি ৷ছবিখনৰ দুটা অংশ চাজিড নাডিৱালাই পৰিচালনা কৰিছিল ৷হাউচফুল ৩ ও চাজিদ ফৰহাদে পৰিচালনা কৰিছিল ৷ হাউচ ফুল ৪ ক চাজিদ খানে পৰিচালনা কৰিব বুলি খবৰ আহিছিল ৷ কিন্তু বিগত বছৰত মী টুত সাজিদ খানৰ নাম জৰিত হৈ পৰাত ফৰহাদ সমজীয়ে হাউচফুল ৪ ৰ দায়িত্ব লয়।

অধিক খবৰৰ বাবে পঢ়ক:আহি আছে জনপ্ৰিয় অভিনেতা চাহিদ কাপুৰৰ আন এখন ছবি জেৰ্সী

ভিডিঅ প্ৰতক্ষ্য কৰক: BTAD Army Football League 2019-2020

Next Story
চাকৰি