৯০০ কিলোমিটাৰ খোজ কাঢ়ি অক্ষয় কুমাৰক সাক্ষাৎ কৰিবলৈ আহিল এগৰাকী অনুৰাগীঃকিন্তু কি ক’লে অক্ষয়ে?

৯০০ কিলোমিটাৰ খোজ কাঢ়ি অক্ষয় কুমাৰক সাক্ষাৎ কৰিবলৈ আহিল এগৰাকী অনুৰাগীঃকিন্তু কি ক’লে অক্ষয়ে?

বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ এগৰাকী অনুৰাগীয়ে অভিনেতাজনক সাক্ষাৎ কৰিবলৈ খোজ কাঢ়ি অতিক্ৰম কৰিলে প্ৰায় ৯০০ কিলোমিটাৰ পথ ৷ দ্বাৰকাৰ পৰা মুম্বাইলৈ প্ৰায় ৯০০ কিলো মিটাৰ খোজ কাঢ়ি অনুৰাগীজনে অক্ষয় কুমাৰক সাক্ষাৎ কৰে, তেতিয়া অভিনেতা জনে অনুৰাগীজনক উদ্দেশ্য কৰি ইনষ্টাগ্ৰামত এটি পষ্ট শ্বেয়াৰ কৰে।

https://www.instagram.com/p/B13EasAHw2T/

ইফালে ৯০০ কিলো মিটাৰ খোজ কাঢ়ি অক্ষয় কুমাৰক সাক্ষাৎ কৰা এই যুৱক জনৰ নাম প্ৰভাত ৷ অক্ষয় কুমাৰে প্ৰভাত সৈতে ইনষ্টাগ্ৰামত এটি পষ্ট শ্বেয়াৰ কৰি লিখে যে এইয়া প্ৰভাত ৷ প্ৰভাত দ্বাৰকাৰ পৰা ৯০০ কিলোমিটাৰ খোজ কাঢ়ি প্ৰায় ১৮ দিনত দেওবাৰে মুম্বাইত উপস্থিত হৈছে। যদি নতুন প্ৰজন্মৰ কাম কৰাৰ হেপাঁহ থাকে ৷ তেন্তে যিকোনো কাম কৰিব পাৰে ৷ সকলোতে সফলতা লাভ কৰিব পাৰে । আন এটা পষ্ট’ত অক্ষয় কুমাৰে লিখে যে মোক এনেকৈ মৰম দিয়াৰ কাৰণে অশেষ ধন্যবাদ ৷ মোক দিয়া মৰমৰ কাৰণে তোমাৰ ওচৰত মই কৃতজ্ঞ ৷কিন্তু ভৱিষ্যতে এনেধৰণৰ কাম তুমি নকৰিব। জীৱনৰ পৰৱৰ্তী পৰ্যায়ত সফলতা লাভ কৰাৰ কাৰণে আগবাঢ়ি যোৱা ৷ এনে ধৰণে আগবাঢ়ি গ’লে মই বেছি সুখী হ’ম।

গতিকে জীৱনৰ পৰৱৰ্তী পৰ্যায়ৰ কাৰণে অশেষ শুভ কামনা ৷ গতিকে সম্প্ৰতি আপুনি এবাৰ ভাবক এগৰাকী অভিনেতা বা এজন শিল্পীক কিমান ভাল পালে এনেকৈ ৯০০ কিলো মিটাৰ খোজ কাঢ়ি সাক্ষাৎ কৰিব আহিব পাৰে। উল্লেখ্য যে অক্ষয় কুমাৰ,বিদ্যা বালান,সোনাক্ষী সিন্হা,তাপ্সী পান্নুৰ অভিনয়েৰে মুক্তি প্ৰাপ্ত মিশ্যন মংগলে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল ৷ ইছৰোৰ এগৰাকী বিজ্ঞানীৰ চৰিত্ৰত অভিনয় কৰা অক্ষয় কুমাৰ এই ছবিখনে দুসপ্তাহত ১৭৮ কোটি টকা উপাৰ্জন কৰিছিল ৷

https://www.instagram.com/p/B13DpzInb32/

ইয়াৰোপৰি সুদীৰ্ঘ বছৰৰ অন্তত অক্ষয় কুমাৰ,কৰীনা কাপুৰ,দিলজিৎ দোসাঞ্জ আৰু কিয়াৰা আডৱানিৰ অভিনীত গুড নিউজ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত। লগতে ৰোহিত চেট্টীৰ সূৰ্যবংশী,হাউচফুল ৪,কাঞ্চনা ২ ৰ হিন্দী ৰিমেক লক্সমী বম্ব’ আদি ছবিত দেখিবলৈ পোৱা যাব বলীউডৰ অভিনেতা অক্ষয় কুমাৰ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com