চাহ উদ্যোগৰ বাবে সুকীয়া মন্ত্ৰ্যালয় গঠনৰ দাবী কংগ্ৰেছৰ

চাহ উদ্যোগৰ বিভিন্ন দিশ তদাৰক তথা চোৱাচিতাৰ বাবে বিৰোধী কংগ্ৰেছে চাহ উদ্যোগৰ বাবে এটা সুকীয়া কেন্দ্ৰীয় মন্ত্ৰ্যালয় গঠনৰ দাবী উত্থাপন কৰিছে। শনিবাৰে মহানগৰীত এখন সংবাদমেলত এই দাবী উত্থাপন কৰি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভগীৰথ কৰণে কয় যে ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ চাহ উৎপাদক দেশ আৰু দেশৰ কমেও দুই কোটি লোক জীৱন-জীৱিকাৰ বাবে চাহ উদ্যোগৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাবে জড়িত হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত চাহ উদ্যোগৰ বাবে কেন্দ্ৰই এটা সুকীয়া মন্ত্ৰ্যালয় গঠন কৰা উচিত বুলি কংগ্ৰেছ নেতা কৰণে মন্তব্য কৰে। যিহেতু চাহ উদ্যোগ কয়লা বা তেলৰ লেখীয়া এক বৃহৎ উদ্যোগ, গতিকে তেল আৰু কয়লাৰ দৰে চাহৰ বাবেও এটা সুকীয়া কেন্দ্ৰীয় মন্ত্ৰ্যালয় গঠন কৰা প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে। উৎপাদিত চাহৰ মূল্যৰ স্থবিৰতাকে ধৰি বিভিন্ন কাৰকৰ বাবে চাহ উদ্যোগে সন্মুখীন হোৱা সংকটত লৈ উদ্বেগ প্ৰকাশ কৰে কংগ্ৰেছ নেতাজনে। চাহ উদ্যোগৰ সংকট নিৰাময়ৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰি তেওঁ লগতে কয়, “চাহ উদ্যোগে সন্মুখীন হোৱা সংকট নিৰাময়ৰ বাবে আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা নাই। ফলস্বৰূপে এই উদ্যোগৰ অৱস্থা দিনকদিনে শোচনীয় হৈছে। এনে অৱস্থাত কেনিয়া আৰু শ্ৰীলংকাৰ দৰে ক্ষুদ্ৰ দেশে বিশ্বৰ চাহৰ বজাৰত আধিপত্য বিস্তাৰ কৰিছে। এয়া আমাৰ বাবে অতি পৰিতাপৰ কথা”।আনহাতে, ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদিত চাহৰ গুণগত মান বৰ্তাই ৰখাত গুৰুত্ব আৰোপ নকৰে বুলি কংগ্ৰেছ নেতাজনে আন এক অভিযোগ উত্তাপন কৰে। উল্লেখ্য যে অসমত উৎপাদিত মুঠ চাহৰ ৪৮ শতাংশ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে গুণগতমান বৰ্তাই ৰখাত গুৰুত্ব আৰোপ নকৰাটোৱে সামগ্ৰিকভাবে চাহৰ সুনাম নষ্ট কৰা বুলি কৰণে মন্তব্য কৰে।তদুপৰি চৰকাৰী ভূমিত বহু ক্ষুদ্ৰ চাহ খেতিয়কে চাহ খেতি কৰিছে যদিও চৰকাৰক কোনো ৰাজহ নিদিয়ে বুলিও কংগ্ৰেছ নেতাজনে অভিযোগ কৰে। সম্প্ৰতি ৰাজ্যত এক লাখ ২০ হেজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে। একেদৰে বটলীফ ফেক্টৰী কাঠফুলাৰ দৰে গজি উঠাত অসমৰ চাহৰ গুণগতমান হ্ৰাস পোৱা বুলি সংবাদমেলত কংগ্ৰেছ নেতাজন আন এক অভিযোগ উত্থাপন কৰে।
উল্লেখ্য যে কিছুদিন পূৰ্বে অসম ভ্ৰমণ কৰা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজ্যৰ জনগোষ্ঠীৰ কল্যাণৰ উদ্দেশ্য গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ বিষয়ে সদৰী কৰে।
অন্য খবৰৰ বাবে পঢ়ক: ডিব্ৰুগড়ত কা-ৰ বিৰুদ্ধে আছুসহ ৩০ সংগঠনৰ উদ্যোগত জনতাৰ অগ্নিকণ্ঠ
ভিডিঅ প্ৰতক্ষ্য কৰক:AASU and other organizations welcomed the introduction of the one way road at Garali and KB Road