চিকিৎসাৰ বাবে সাঁতুৰি কুচিয়াৰা নৈ পাৰ হৈ অসমলৈ আহিল বাংলাদেশী ক’ৰ’না আক্ৰান্তঃ তীব্ৰ আতংক

চিকিৎসাৰ বাবে সাঁতুৰি কুচিয়াৰা নৈ পাৰ হৈ অসমলৈ আহিল বাংলাদেশী ক’ৰ’না আক্ৰান্তঃ তীব্ৰ আতংক

চিকিৎসাৰ কৰাবলৈ সাঁতুৰি কুচিয়াৰা নৈ পাৰ হৈ অসমত উপস্থিত হ’ল এজন বাংলাদেশী ক’ৰ’না আক্ৰান্ত। এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যত ক’ৰ’না মহামাৰীৰ আক্ৰান্ত অধিক গভীৰ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বাংলাদেশৰ এই ক’ৰ’না মহামাৰীত আক্ৰান্তজনে অলপতে কৰিমগঞ্জত উপস্থিত হয়। সীমা সুৰক্ষা বাহিনী ( বি এছ এফ)-এ প্ৰকাশ কৰা অনুসৰি এই লোকজনৰ ঘৰ বাংলাদেশৰ সুনামগঞ্জ জিলাত। প্ৰায় ৩০ বছৰীয়া এই লোকজনৰ নাম আব্দুল হক। পাছত তেওঁক বি এছ এফে আটক কৰি বাংলাদেশৰ সীমান্তৰক্ষীক গতাই দিয়ে। এই সম্পৰ্কত বি এছ এফৰ উপ-মহা পৰিদৰ্শক জে চি নায়কে কয়, “ ক’ৰ’না মহামাৰীত আক্ৰান্ত আব্দুল হকে সাঁতুৰি কুচিয়াৰা নৈ পাৰ হৈ দেওবাৰে পুৱা প্ৰায় ৭-৩০ বজাত কৰিমগঞ্জত উপস্থিত হয়”। স্বাভাৱিকতে এই খবৰ বিয়পি পৰাৰ লগে লগে কৰিমগঞ্জৰ বাংলাদেশ সীমান্তৱৰ্তী গাঁওসমূহত তীব্ৰ আতংকৰ সৃষ্টি হয়।

অৱশ্যে লোকজনে কৰিমগঞ্জত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পাছতে তেওঁক বি এছ এফে আটক কৰি বাংলাদেশৰ সীমান্তৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ত্ৰিপুৰা ভ্ৰমণ কৰা দুগৰাকী বাংলাদেশী মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ ধৰা পৰে। ইয়াৰে এগৰাকী মহিলা বাংলাদেশৰ ৰাজধানী ঢাকাৰ আৰু আনগৰাকী দেশখনৰ ব্ৰাহ্মণবাৰীয়াৰ। দুয়োৰে শৰীৰত অলপতে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। চৰকাৰী তথ্য অনুসৰি মহিলা দুগৰাকীয়ে শেহতীয়াভাবে ত্ৰিপুৰা ভ্ৰমণ কৰিছিল। ত্ৰিপুৰা ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ ১১জন ব্যক্তিৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছিল মহিলা দুগৰাকী। এই কথা সদৰী কৰি ত্ৰিপুৰা চৰকাৰৰ ৰোগ নিৰীক্ষণ বিষয়া দীপ কুমাৰ দেৱবাৰ্মাই সংবাদ মাধ্যমক জনায় যে বাংলাদেশী মহিলা দুগৰাকীয়ে ত্ৰিপুৰাৰ আৰালিয়া আৰু মেলাগড় ভ্ৰমণ কৰিছিল।

এই দুয়োঠাইতে তেওঁলোক কিছুদিন আছিল।আনহাতে, অনুপ্ৰৱেশ নিয়ন্ত্ৰণৰ জৰিত চৰকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ মাৰ্চত ত্ৰিপুৰাত প্ৰৱেশ কৰে বাংলাদেশৰ কমেও তিনি হেজাৰ লোকে। পাছত সাত আৰু ২২ এপ্ৰিলৰ মাজৰ সময়ছোৱাত ৮৪ জন বাংলাদেশী লোকে স্ব-দেশলৈ বুলি ত্ৰিপুৰা ত্যাগ কৰে। আনহাতে, বাংলাদেশৰ পৰা মানুহৰ প্ৰৱেশ বন্ধ কৰাৰ উদ্দেশ্য ত্ৰিপুৰা সীমান্তত কঠোৰ তহলৰ ব্যৱস্থা কৰা হৈছে। এই কথা সদৰী কৰি ত্ৰিপুৰা ষ্টেট ৰাইফলছ(টি আৰ এছ)ৰ মহা পৰিদৰ্শক জি এছ ৰাওৱে কয় যে বাংলাদেশত বহু লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কমেও চাৰি হেজাৰ টি আৰ এছৰ জোৱান সীমান্তত নিয়োগ কৰা হৈছে। এই জোৱানসকলক সীমান্ত সুৰক্ষা বাহিনী( বি এছ এফ)ক সহায় কৰাৰ বাবে নিয়োজিত কৰা হৈছে বুলি ৰাৱে প্ৰকাশ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com