মুকলি হ’ল মিশ্যন মংগল ছবিৰ ট্ৰেইলৰঃ উৎসুক অনুৰাগী

মুকলি হ’ল মিশ্যন মংগল ছবিৰ ট্ৰেইলৰঃ উৎসুক অনুৰাগী

বলীউডৰ অভিনেতা অক্ষয় কুমাৰ ছবি মিশ্যন মংগল ছবিৰ সম্প্ৰতি ট্ৰেইলৰ মুক্তি পাইছে ৷ ছবিখনৰ কাহিনী ২০১৩ চনৰ ইছৰোৰ মিশ্যনত আধাৰিত ৷২০১৩ চনৰ ৫ নবেম্বৰত ইছৰো মংগলযান লঞ্চ কৰিছিল । ইয়াৰ লগে লগে ভাৰত মংগল যানত পদাৰ্পন কৰা চতুৰ্থখন দেশ হিছাপে পৰিগণিত হৈছিল ৷

ইফালে মিশ্যন মংগলৰ ২.৫০ মিনিটৰ ট্ৰেইলটোত মিশ্যন পৰিচালক ৰাকেশ ধাৱান অৰ্থাৎ অক্ষয় কুমাৰক নিজৰ টীমটোক প্ৰেৰনা দিয়া দেখা গৈছে। অক্ষয় কুমাৰৰ লগত আছে তাৰা সিন্দে অৰ্থাৎ বিদ্যা বালানে ৷ অন্যহাতে ট্ৰেইলৰটোত সংলাপসমূহ অতি উল্লেখযোগ্য হিছাপে পৰিগণিত হৈছে। তাৰ কিছুমান বিশেষ সংলাপে ছবিখনৰ কাৰণে উৎসুকতা বঢ়াইছে ৷যদি যিকোনো পৰীক্ষা কৰা নহয় তেতিয়া আমাক বিজ্ঞানী বুলি কোৱাৰ যোগ্যতাই নাথাকিব ৷এনেধৰণৰ সংলাপে আকৰ্ষন কৰিছে অনুৰাগীসকলক ৷

https://www.youtube.com/watch?v=q10nfS9V090

অভিনেতা অক্ষয় কুমাৰে এখন প’ষ্টাৰ শ্বেয়াৰ কৰি লিখিছে যে এটি কাহিনী যিয়ে ইণ্ডিয়ান মহাকাশ যানৰ পৰিভাষাৰ পৰিৱৰ্তন কৰিলে ৷ গতিকে এই ছবিখনক লৈ খুবেই আশাবাদী ছবিখনৰ কলা কুশলীসকলে ।উল্লেখ্য যে ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰ,বিদ্যা বালান,সোনাক্ষী সিন্হা,তাপ্সী পান্নু,কৃতি কুলহাৰী আদি ৷

জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ আৰু অভিনেত্ৰী বিদ্যা বালানৰ মুক্তিৰ অপেক্ষাত থকা ছবি “মিশ্যন মংগল বিতৰ্কৰ আৱৰ্তত সোমাই সোমাই পৰিছিল ৷”মিশ্যন মংগল”ছবি খনৰ সন্দৰ্ভত নিৰ্মাতা ৰাধা ভৰদ্বাজে কয় যে ছবিখনৰ কাহিনী নকল কৰা হৈছে ৷ লগতে এই সমগ্ৰ বিষয়টো আদালতত বিচাৰ কৰাৰ পোষকতা কৰে ৰাধা ভৰদ্বাজে৷

লগতে “মিশ্যন মংগল” ছবিখনৰ বিষয়ে ছবি নিৰ্মাতা ৰাধা ভৰদ্বাজে কয় যে মিশ্যন মংগলৰ কাহিনী প্ৰকৃততে তেওঁৰহে ৷ জনপ্ৰিয় তথা বহু কেইটা বটাঁৰে শিৰোনামা দখল কৰিবলৈ সক্ষম হোৱা “নীৰজা”ছবিখনৰ প্ৰযোজক অতুল কস্বেকৰক পূৰ্বতে ৰাধা ভৰদ্বাজে “মিশ্যন মংগল”ৰ কাহিনী শুনাইছিল ৷কিন্তু অতুল কস্বেকৰে নন ডিচক্ল’জাৰ এগ্ৰীমেন্ট উলংঘন কৰি সমগ্ৰ “মিশ্যন মংগল”ৰ কাহিনী বিদ্যা বালানক শুনালে ৷ ইয়াৰ পিছতে অভিনেতা অক্ষয় কুমাৰ আৰু ছবিখনত অভিনয় কৰা বাকী শিল্পী সকলও কাহিনী শুনি শ্বুটিঙ আৰম্ভ কৰি দিলে ৷

অন্যহাতে,ছবি নিৰ্মাতা ৰাধা ভৰদ্বাজ প্ৰায় দুবছৰৰ পূৰ্বে “মিশ্যন মংগল”ৰ কাহিনী লিখিছিল ৷আৰু ইউ এছ এৰ কপিৰাইট অফিচত মিশ্যন মংগল ছবি খনৰ সন্দৰ্ভত ৰেজিষ্টাৰো কৰিছিল। লগতে ইছৰো ও ৰাধা ভৰদ্বাজৰ কাহিনীটোক লৈ সন্মতি দিছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com