বলীউডৰ তথা ছ’পাক ছবিৰ অভিনেতা বিক্ৰান্ত মেছীৰ এটি নতুন বিপদ

বলীউডৰ তথা ছ’পাক ছবিৰ অভিনেতা বিক্ৰান্ত মেছীৰ এটি নতুন বিপদ

বলীউডৰ চৰ্চিত ছবি ছপাকৰ অভিনেতা বিক্ৰান্ত মেছীৰ এটি নতুন বিপদ। কাৰণ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত বিক্ৰান্ত মেছীক সাক্ষাৎ কৰিবলৈ দৃশ্যগ্ৰহণ স্থলীত উপস্থিত হয় এগৰাকী কইনা ৷ আৰু সেই সময়ত ছবিখনৰ দৃশ্য গ্ৰহণ হৈ আছিল দিল্লীত৷ এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি বিয়লি হ’ব লগীয়া দৃশ্য গ্ৰহণৰ কাৰণে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছিল। কিন্তু সেই সময়ত নিৰাপত্তাৰ বেষ্টনী ভাঙি এগৰাকী কইনা আহি বিক্ৰান্ত মেছীক লগ কৰাৰ কাৰণে দাবী কৰে৷

আৰু যদি বিক্ৰান্ত মেছীক লগ কৰিব নোৱাৰে তেতিয়া হ’লে বিয়া নহও বুলিও মন্তব্য কৰে কইনা গৰাকীক । ইয়াৰ পিছত বিক্ৰান্ত মেছীয়ে যুৱতীগৰাকীৰ লগত প্ৰায় এঘন্টা কথা পতাৰ পিছত নিজৰ বিবাহস্থলীলৈ যাবলৈ কয় যদিও যুৱতীগৰাকী অমান্তি হয় ৷ইয়াৰ পিছত সুৰক্ষা বাহিনীক মাতি আনি যুৱতীগৰাকীক তাৰ পৰা আঁতৰ কৰাৰ লগতে সুনিশ্চিত কৰিব বিছাৰিল যাতে যুৱতী গৰাকী নিশ্চিত বলৈ সক্ষম হয় ছবিখনৰ কলাকুশলীসকলে ৷

এক বিশেষ সাক্ষাৎকাৰত বিক্ৰান্ত মেছীয়ে কয় যে তেওঁ যুৱতী গৰাকীৰ এই কৰ্ম কাণ্ডত অসহায় হৈ পৰিছিল।ভাৱে ঘৰলৈ উভতি যায়। ইফালে বিক্ৰান্ত মেছীৰ লগত ঘটা এই ঘটনাটোৰ কাৰণে ছপাক ছবিৰ দৃশ্যগ্ৰহণ চাৰিঘন্টা স্তব্ধ হৈ পৰে । উল্লেখ্য ছ’পাক ছবিত অভিনয় কৰিছে বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনে

পাক ছবিখন এচিড আক্ৰমণ কৰা লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত আধাৰিত ৷ এই ছবিখনত দীপিকা পাডুকন লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰিব ৷ ইফালে নিজৰ চৰিত্ৰটোৰ বিষয়ে বিশ্লেষণ কৰিবলৈ দীপিকা দিল্লীত উপস্থিত হৈছে ৷ এই ছবি খনত দীপিকা পাডুকনৰ ওপৰিও বিক্ৰান্ত মেছীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ চপাক ছবিখন নিৰ্দেশন কৰিছে মেঘনা গুলজাৰে ৷

দীপিকা পাডুকনৰ চৰ্চিত ছবি ছপাকৰ দৃশ্য গ্ৰহণ সমাপ্ত হ’ল ।মংগলবাৰে ছবিখনৰ কৰ্ম কৰ্তাসকলে একেলগে ফটো আগবঢ়াই অনুৰাগীলৈ ৷ ইফালে দীপিকা পাডুকনে ছবিখনৰ দৃশ্য গ্ৰহণ সমাপ্ত হোৱাৰ ফটো ইনষ্টাগ্ৰামত অনুৰাগীলৈ আগবঢ়াইছে ৷ আৰু দীপিকা পাডুকনৰ এই ফটোত প্ৰথম মন্তব্য আগবঢ়াইছে দীপিকা পাডুকনৰ স্বামী ৰনৱীৰ সিঙে।

ইফালে দিপীকা পাডুকনৰ অনুৰাগীসকল অভিনেত্ৰী গৰাকীক চাবলৈ এতিয়াও উৎসুক হৈ আছে ৷ ইফালে ছপাক ছবিৰ দৃশ্যগ্ৰহণ হৈছিল দিল্লীত ৷ সেয়েহে দীপিকা পাদুকনক চাবলৈ দৃশ্যগ্ৰহণ স্থলীত ভিৰ কৰিছিল অনুৰাগীসকলে। এক বিশেষ তথ্য অনুসৰি নিৰ্মাতাসকলে সম্প্ৰতি দিল্লীত দৃশ্য গ্ৰহণ কৰাৰ পিছত নয়ডাত দৃশ্যগ্ৰহণ কৰাৰ কাৰণে গমন কৰিছিল ৷সম্প্ৰতি লক্ষ্মী আগৰৱালে এচিড আক্ৰমণৰ সন্মুখীন হোৱা সকলৰ হৈ কাম কৰাৰ লগতে,আৰু যাতে এনে ধৰণৰ ঘটনা আৰু সংঘটিত নহয় তাৰ প্ৰতি সজাগ সৃষ্টি কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com