বলীউডৰ বক্স অফিচ হিট কবীৰ সিং: ২০৬ কোটিৰ সীমা অতিক্ৰম কবীৰ সিঙৰ

বলীউডৰ বক্স অফিচ হিট কবীৰ সিং: ২০৬ কোটিৰ সীমা অতিক্ৰম কবীৰ সিঙৰ

বলীউডৰ অভিনেতা শ্বাহিদ কাপুৰ আৰু অভিনেত্ৰী কিয়াৰা আডৱানিৰ অভিনীত কবীৰ সিঙে সম্প্ৰতি বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৷ ছবিখনে ভাৰত ২০৬ কোটি টকা উপাৰ্জনৰ সীমা অতিক্ৰম কৰিলে ৷ গতিকে শ্বাহিদ কাপুৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কবীৰ সিঙৰ সফলতাৰ কাৰণে অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে ৷

শ্বাহিদে অনুৰাগীসকলক উদ্দেশ্য কৰি লিখে যে আপোনালোকক মোৰ ধন্যবাদ জনাবলৈ কোনো ভাষা বিছাৰি পোৱা নাই ৷কবীৰ সিঙক হৃদয়ৰ পৰা ভাল পোৱা কাৰণে,ক্ষমা কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ। আমি সকলোৱে নিজৰ ভূলৰ পৰা শিক্ষা লৈ জীৱনত আগবাঢ়ি যাব লাগে । যাতে আমি শিকিব পাৰোঁ ৷ সকলোৰে মাজত কিবা এটা কম থকাৰ দৰে কবীৰৰ মাজতো কিবা এটা কম আছিল ৷ আপোনালোকে কবীৰ সিঙক বুজি পাইছে ৷আৰু ইয়াৰ কাৰণে আপোনালোকক ধন্যবাদ। আপোনালোকে মোক উৰিবলৈ সুযোগ দিলে। লগতে অনাগত দিনত মোক আগবাঢ়ি যাবলৈও সুযোগ দিলে ৷গতিকে আপোনালোকক বাৰে বাৰে ধন্যবাদ ।

https://www.instagram.com/p/BzfQFEfHJu-/

ছাহিদ কাপুৰ আৰু কিয়াৰা আডৱানীৰ অভিনীত কবীৰ সিঙে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৷আৰু ছবিখন শ্বাহিদ কাপুৰৰ জীৱনৰ মুক্তিৰ প্ৰথম দিনাই সকলোতকৈ অধিক উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হৈছে ৷ ইয়াৰ পূৰ্বে ছাহিদৰ জীৱনৰ সকলোতকৈ বৃহৎ উপাৰ্জন কৰা ছবি আছিল পদ্মাৱত ৷ কাৰণ ছবিখনে মুক্তিৰ প্ৰথম দিনা উপাৰ্জন কৰিছিল ১৯ কোটি ৷ ইয়াৰ বিপৰীতে কবীৰ সিঙে হাস্য মধুৰ ছবি টোটেল ধামালৰ ৰেকৰ্ড ভাঙে ৷

উল্লেখ্য যে শ্বাহিদ কাপুৰ আৰু কাইৰা আডৱানিৰ ছবিখনৰ ট্ৰেইলৰ মুক্তি পোৱাৰ পিছত অনুৰাগীসকলৰ মাজত চৰ্চা লাভ কৰিছিল ৷ ছবিখনত শ্বাহিদ কাপুৰে কবীৰ সিঙৰ চৰিত্ৰত আৰু কাইৰা আডৱানিয়ে কবীৰ সিঙৰ প্ৰেমিকা প্ৰীতিৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনৰ ট্ৰেইলৰটোৰ প্ৰথমতে শ্বাহিদ কাপুৰে সুৰা,ড্ৰাগছ খাই থকা দেখা পোৱা গৈছে ৷

এই চৰিত্ৰটোৱে চলচ্চিত্ৰ প্ৰেমীসকলে ৰোমন্থন কৰিব উড়তা পাঞ্জাৱক৷ ইফালে কবীৰ সিং এজন চিকিৎসা সেৱাৰ ছাত্ৰ ৷ প্ৰেমিকা প্ৰীতিৰ লগত বিচ্ছেদ হোৱাৰ পিছত সম্পূৰ্ণ পৰিৱৰ্তন হয় কবীৰ সিং ৷ কবীৰ সিং প্ৰীতি কাৰণে কেনেধৰণে পৰিৱৰ্তন হৈছে সেই সম্পৰ্কে দেখুওৱা হৈছে ৷ কবীৰ সিঙ সন্দৰ্ভত শ্বাহিদ কাপুৰে কয় যে ষ্টাৰ হিচাপে নহয় মই এজন অভিনেতা হিছাপে কাম কৰিছোঁ ৷ এই ছবিখন তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক ৷ অৰ্জুন ৰেড্ডীত অভিনয় কৰিছে বিজয় দেৱৰকোণ্ডাই ৷

ইফালে ছবিখনৰ সফলতাৰ কাৰণে মুম্বাইত ৪ জুলাইত এক পাৰ্টি অনুষ্ঠিত হয় ।য’ত ছবিখনৰ লগত জৰিত বহু ব্যক্তি উপস্থিত আছিল ৷ শ্বাহিদ কাপুৰ,কিয়াৰা আডৱানি,নিকিতা দত্তা,অৰ্জুন বাজৱা,পৰিচালক ভূষণ কুমাৰ,দিব্যা খোচলা কুমাৰ,তুলসী কুমাৰ,কাষ্টিং ডাৰেক্টৰ মুকেশ চাব্বা আদি ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com