অসমত ক’ৰ’না আক্ৰান্ত ৩৭ লৈ বৃদ্ধিঃ গোৱালপাৰাত চিনাক্ত হ’ল আৰু এজন

অসমত ক’ৰ’না আক্ৰান্ত ৩৭ লৈ বৃদ্ধিঃ গোৱালপাৰাত চিনাক্ত হ’ল আৰু এজন

অসমত ক’ৰ’না আক্ৰান্ত ৩৭ লৈ বৃদ্ধিঃ গোৱালপাৰাত চিনাক্ত হ’ল আৰু এজন

মাথোঁ এটা দিনৰ ভিতৰতে অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি পাইছে। আজিৰ দিনটোতে ৰাজ্যত এগৰাকী কিশোৰীসহ দুজন ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত হয়। এই কিশোৰীগৰাকী হৈছে বঙাইগাঁৱৰ শালমাৰাৰ। আনহাতে, গোৱালপাৰাৰ এজন লোকৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নিজামুদ্দিন দৰগাহৰ যোৱা মাহৰ জামাতত অংশ লোৱা গোৱালপাৰাৰ এজন লোক ক’ৱিড আক্ৰান্তৰূপে চিনাক্ত হৈছে। স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি শালামাৰাৰ ক’ৰ’না মহামাৰী আক্ৰান্ত কিশোৰীগৰাকীৰ সৈতে দিল্লীৰ নিজামুদ্দিন দৰগাহৰ যোৱা মাহৰ জামাতত অংশ লোৱা এজন ব্যক্তিৰ পৰোক্ষ সম্পৰ্ক আছিল। এই কিশোৰীগৰাকী আৰু গোৱালপাৰাৰ জামাতীজন ক’ৰ’না পজিটিভ চিনাক্ত হোৱাৰ লগে লগে অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি পালে। অৱশ্যে সম্প্ৰতি ইয়াৰে নজনহে চিকিত্সালয়ত চিকিত্সাধীন হৈ আছে বুলি মন্ত্ৰী শৰ্মাই সদৰী কৰে। আন ২৭জনক চিকিত্সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।এজনৰ আক্ৰান্ত মৃত্যুমুখত পৰে। আনহাতে, সম্প্ৰতি সমগ্ৰ দেশত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ২৯,৪৩৫জনলৈ বৃদ্ধি পাইছে। একেদৰে মৃতকৰ সংখ্যা ৯৩৪জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com