ক’ৱিড-১৯ৰ বিৰুদ্ধে যুঁজঃ অসমসহ কে’বাখনো ৰাজ্যত জৰুৰী চিকিৎসাৰ আন্তঃগাঁথনিৰ অৱস্থা শোচনীয়

ক’ৱিড-১৯ৰ বিৰুদ্ধে যুঁজঃ অসমসহ কে’বাখনো ৰাজ্যত জৰুৰী চিকিৎসাৰ আন্তঃগাঁথনিৰ অৱস্থা শোচনীয়

ক’ৱিড-১৯মহামাৰীৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ লগতে ভাৰতেও যুঁজ অব্যাহত ৰাখিলেও অসমসহ কে’বাখনো ৰাজ্যৰ জৰুৰী চিকিৎসাৰ আন্তঃগাঁথনিৰ অৱস্থা শোচনীয় ৷ স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ পৰ্যবেক্ষণত এই তথ্য পোহৰলৈ আহিছে ৷ দেওবাৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ স্বাস্থ্যখ্ণ্ড সম্পৰ্কীয় কেতবোৰ তথ্য সম্বলিত প্ৰতিবেদন প্ৰকাশ কৰে ৷ চিকিৎসালয়ত জৰুৰীকালীন কক্ষ, আইছ’লেচন কক্ষ, ৰোগীৰ বাবে থকা বিচনা, ভেণ্টিলেটৰ আদিক সামৰি এই প্ৰতিবেদন প্ৰকাশ কৰে কেন্দ্ৰই। যোবা ২৩এপ্ৰিলত অনুষ্ঠিত এখন সভাত এই প্ৰতিবেদন দাখিল কৰে কেন্দ্ৰীয় কেবিনেট সচিবে ৷ সভাত ৰাজ্যসমূহৰ স্বাস্থ্য সচিবসকলে অংশগ্ৰহণ কৰে ৷

৷ এই প্ৰতিবেদনৰ তথ্যত পোহৰলৈ আহে যে অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ স্বাস্থ্য খণ্ডৰ অৱস্থা দেশৰ ভিতৰতে শোচনীয় ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ এই প্ৰতিবেদন অনুসৰি অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশত সৰ্বাধিকসংখ্যক জিলা আছে, যিসমূহত আই চি ইউ, ভেণ্টিলেটৰ আদি পৰ্যাপ্ত নহয় ৷ যোৱা ২৩এপ্ৰিললৈকে সঃগ্ৰহিত তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰসাশ কৰা হৈছে ৷ এই প্ৰতিবেদনত প্ৰকাশ পোবা অনুসৰি অসমৰ ১৭খন জিলাত জৰুৰী ৰোগীক চিকিৎসাৰ বাবে প্ৰয়োজনীয় শা-সুবিধা পৰ্যাপ্ত নহয় ৷ গতিকে সম্প্ৰতি দেখা দিয়া ক’ৱিড-১৯ মহামাৰীৰ অধিক প্ৰাদুৰ্ভাৱ ঘটিলে অসমৰ দৰে ৰাজ্যসদূহৰ অৱস্থা জটিল হোৱাৰ আশংকা প্ৰবল ৷ কেন্দ্ৰৰ তথ্য অনুসৰি দেশৰ ভিতৰত স্বাস্থ্যখণ্ডৰ অৱস্থা অধিক শোচনীয় ৰাজ্য হ’ল উত্তৰ প্ৰদেশ ৷ তাৰ পাছতে বিহাৰৰ স্থান ৷

আনহাতে, অসমৰ অধিকাংশ কৱিড-১৯ৰোগী সুস্থ হৈ উঠিছে ৷ দেওবাৰে এখন সংবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ মুঠ জীৱিত ৩৪ ক’ৰ’না ৰোগীৰ সৰ্বাধিক তথা ২৭জনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ সম্প্ৰতি ৰাজ্যৰ সাতজন ক’ৰ’না ৰোগীহে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com