মুক্তিৰ প্ৰথম দিনাই ২৯ কোটি টকা উপাৰ্জন কৰিলে মিশ্যন মংগলে

মুক্তিৰ প্ৰথম দিনাই ২৯ কোটি টকা উপাৰ্জন কৰিলে মিশ্যন মংগলে

মুক্তিৰ প্ৰথম দিনাই ২৯ কোটি টকা উপাৰ্জন কৰিলে মিশ্যন মংগলে৷ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস দিনা মুক্তি পালে অক্ষয় কুমাৰ আৰু জন আব্ৰাহামৰ ছবি ক্ৰমে মিশ্যন মংগল আৰু বাটালা হাউচ ৷ ইয়াৰ ভিতৰত মিশ্যন মংগলে প্ৰথম দিনাই নতুন ৰেকৰ্ড গঢ়ে। মিশ্যন মংগলে অক্ষয় কুমাৰৰ অন্যান্য ছবিসমূহ ৰেকৰ্ড ভাঙি এটি নতুন ৰেকৰ্ড গঢ়ি সক্ষম হৈছে।

ছবি সমালোচক তৰুণ আদৰ্শই আৰু বক্স অফিচ ইণ্ডিয়াৰ তথ্য অনুসৰি মিশ্যন মংগলে প্ৰথম দিনাই ২৯.১৬ কোটি টকা উপাৰ্জন কৰে ৷দ্বিতীয়তে মিশ্যন মংগলৰ লগতে মুক্তি পোৱা জন আব্ৰাহামৰ বাটালা হাউচে প্ৰথম দিনা উপাৰ্জন কৰিছে ১৪ কোটি টকা ৷ছবি সমালোচক সকলে বাটলা হাউচৰ অপেনিং যথেষ্ট সন্তোষজনক বুলি প্ৰকাশ কৰে ৷

ইফালে মিশ্যন মংগলে মুম্বাই,বেংগালুৰু,মেছুৰ,গুৰগাঁৱ,ভূপালৰ দৰে ঠাইত ভাল উপাৰ্জন কৰে। মুম্বাইত মিশ্যন মংগল ছবিখনে ৯ কোটিতকৈ অধিক উপাৰ্জন কৰে। জগন শক্তিৰ ছবি মিশ্যন মংগলত অক্ষয় কুমাৰৰ উপৰিও বিদ্যা বালান,সোনাক্ষী সিন্হা,তাপসী পান্নু,কীৰ্তি কুলহৰী,নিত্যা মেনন আৰু শ্বৰমন জোশীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ আৰু অভিনেত্ৰী বিদ্যা বালানৰ মুক্তিৰ অপেক্ষাত থকা ছবি “মিশ্যন মংগল বিতৰ্কৰ আৱৰ্তত সোমাই সোমাই পৰিছিল ৷”মিশ্যন মংগল”ছবি খনৰ সন্দৰ্ভত নিৰ্মাতা ৰাধা ভৰদ্বাজে কয় যে ছবিখনৰ কাহিনী নকল কৰা হৈছে ৷ লগতে এই সমগ্ৰ বিষয়টো আদালতত বিচাৰ কৰাৰ পোষকতা কৰে ৰাধা ভৰদ্বাজে৷

লগতে “মিশ্যন মংগল” ছবিখনৰ বিষয়ে ছবি নিৰ্মাতা ৰাধা ভৰদ্বাজে কয় যে মিশ্যন মংগলৰ কাহিনী প্ৰকৃততে তেওঁৰহে ৷ জনপ্ৰিয় তথা বহু কেইটা বটাঁৰে শিৰোনামা দখল কৰিবলৈ সক্ষম হোৱা “নীৰজা”ছবিখনৰ প্ৰযোজক অতুল কস্বেকৰক পূৰ্বতে ৰাধা ভৰদ্বাজে “মিশ্যন মংগল”ৰ কাহিনী শুনাইছিল ৷কিন্তু অতুল কস্বেকৰে নন ডিচক্ল’জাৰ এগ্ৰীমেন্ট উলংঘন কৰি সমগ্ৰ “মিশ্যন মংগল”ৰ কাহিনী বিদ্যা বালানক শুনালে ৷ ইয়াৰ পিছতে অভিনেতা অক্ষয় কুমাৰ আৰু ছবিখনত অভিনয় কৰা বাকী শিল্পী সকলও কাহিনী শুনি শ্বুটিঙ আৰম্ভ কৰি দিলে ৷

আনহাতে জন আব্ৰাহাম আৰু মুণাল ঠাকুৰ বাটলা হাউচ মিশ্যন মংগলতকৈ সীমিত উপাৰ্জন কৰিছে যদিও কাহিনী,চিনেমটোগ্ৰাফী আৰু স্কীপ্তিঙে যথেষ্ট প্ৰশংসা লাভ কৰিছে ।এই ছবিখনত জন আব্ৰাহামে ডিচিপি সঞ্জীৱ কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Five pro-talk ULFA activists have set up a small scale industry

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com