Begin typing your search above and press return to search.

ভগৱানে মোক বহুত টকা দিছে:ক’ত লৈ যাম মই ইমান টকা ?: অক্ষয় কুমাৰ

ভগৱানে মোক বহুত টকা দিছে:ক’ত লৈ যাম মই ইমান টকা ?: অক্ষয় কুমাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Aug 2019 1:16 PM GMT

ভগৱানে মোক বহুত টকা দিছে:ক’ত লৈ যাম মই ইমান পইচা? অসমৰ বানাক্ৰান্তলৈ সাহাৰ্য্য আগবঢ়াই এই মন্তব্য বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ।চলিত বৰ্ষৰ বানত হাজাৰৰো অধিক লোকৰ মৃত্যু হ’ল ৷ কেৱল বানত সাধাৰণ জনগণৰে নহয় কাজিৰঙাৰ বন্য প্ৰাণীসমূহৰ চলিত বৰ্ষৰ বানত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছিল ৷

অসমৰ বান পৰিস্থিতিৰ এই দুৰ্ভাগ্যপূৰ্ণ সময়ত বলীউডৰ অভিনেতা অক্ষয় কুমাৰে ৰাজ্যবাসী আৰু কাজিৰঙা বন্য প্ৰাণীসকলৰ কাৰণে আগবঢ়াইছিল ২ কোটি টকাৰ সাহাৰ্য্য ৷ এই সাহাৰ্য্য দিছিল মুখ্যমন্ত্ৰীৰ কোষলৈ ৷ ইফালে অক্ষয় কুমাৰে অসমৰ বানাক্ৰান্তলৈ সাহাৰ্য্য অৰ্পণ কৰাৰ পিছত কয় যে এই সাহাৰ্য্য প্ৰদান কৰি মই কেৱল সুখীয়েই নহয় ৷কিন্তু মই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰা এটি বাৰ্তা লাভ কৰিলো ৷

মুখ্যমন্ত্ৰী সোনোৱালে মোক ক’লে যে আপোনাৰ সাহাৰ্য্যৰ পিছত বহু লোকে বানাক্ৰান্তলৈ সাহাৰ্য্য আগবঢ়াইছে। সোনোৱালৰ এই বাৰ্তাই মোক বহু সুখী কৰিলে ৷ এই মন্তব্য বলীউডৰ অভিনেতাজনৰ। লগতে দেশবাসীক উল্লেখ কৰি কয় যে আমাৰ দেশ বাসী অদ্বিতীয় ৷ আমাৰ কাৰোবাৰ যদি সমস্যা হয় ৷ তেন্তে যদি আপুনি আগবাঢ়ি আহে ৷ তেন্তে আপোনাৰ লগতে সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিব।

লগতে বীৰ এপৰ সন্দৰ্ভত অক্ষয় কুমাৰে কয় যে যেতিয়া মই বীৰ এপ আৰম্ভ কৰিছিলো,তেতিয়া বিশ্বাস কৰিব নোৱাৰাকৈ সেই এপত যথেষ্ট মানুহে দান বৰঙনি আগবঢ়ায় ।ভাৰতবাসীৰ হৃদয় সহানুভূতিৰে ভৰপুৰ বুলি প্ৰশংসা কৰে অক্ষয় কুমাৰে ৷ইফালে অসমীয়া এগৰাকী গায়িকা বৰ্ণালী দেউৰীয়ে কপিল শৰ্মাৰ অনুষ্ঠানত অসমলৈ আগবঢ়োৱা সাহাৰ্য্যৰ কাৰণে অক্ষয় কুমাৰক ধন্যবাদ জ্ঞাপন কৰে ৷

আনহাতে অসমৰ বানৰ ক্ষেত্ৰত অক্ষয় কুমাৰে মন্তব্য আগবঢ়াইছিল যে “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

অক্ষয় কুমাৰ বিশ্বৰ সৰ্বোচ্চ পেইড চেলিব্ৰেটিৰ ফৰ্বচৰ তালিকাৰ অন্যতম । অক্ষয় কুমাৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানী উদ্ধাৰৰ বাবে ১ কোটি টকা প্ৰদান কৰা হৈছে । ইয়াৰ সম্পৰ্কে অক্ষয় কুমাৰে টুইটাৰত যোগে প্ৰকাশ কৰিছে ।

বিভিন্ন সময়ত বলীউডৰ অভিনেতা অক্ষয় কুমাৰে প্ৰয়োজন সাপেক্ষে প্ৰদান কৰা পৰিলক্ষিত হয় । উৰিষ্যাৰ ঘূৰ্ণি বতাহৰ সময়ত উৰিষ্যাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১ কোটি টকা প্ৰদান কৰিছিল । এনে উদাহৰণ আৰু বহুতো আছে।

অধিক খবৰৰ বাবে পঢ়ক: ভুল ভুলেইয়াঁ২ ছবিত অক্ষয় কুমাৰৰ ঠাইত কাৰ্তিক আয়ানঃ উৎসুক অনুৰাগী

ভিডিঅ প্ৰতক্ষ্য কৰক: Akhil Bharatiya Vidyarthi Parishad (ABVP) stages protest in NRC issue

Next Story
চাকৰি