ল’ক-ডাউনঃ ৰেস্তোঁৰা-চেলুন-ৱাইন শ্বপ বন্ধ থাকিব, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা

ল’ক-ডাউনঃ ৰেস্তোঁৰা-চেলুন-ৱাইন শ্বপ বন্ধ থাকিব, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা

ল’ক-ডাউনঃ ৰেস্তোঁৰা-চেলুন-ৱাইন শ্বপ বন্ধ থাকিব, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা

আজি শনিবাৰৰ পৰা কেতবোৰ স্থানত অ-অত্যাৱশ্যকীয় সামগ্ৰীৰো দোকান-পোহাৰ মুকলিৰ নিৰ্দেশনা জাৰি কৰিলেও কেতবোৰ বিপণী বন্ধ থাকিব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি তলাবন্ধৰ সময়ছোৱাত সমগ্ৰ দেশত নাপিতৰ চেলুন, ৱাইন শ্বপ আৰু ৰেস্তোঁৰা বন্ধ থাকিব ৷ উল্লেখ্য যে শুকুৰবাৰে নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশনাযোগে দেশৰ কেতবোৰ অঞ্চলত কিছু বাধ্যবাধকতাসহ অ-অত্যাৱশ্যকীয় সামগ্ৰীৰো দোকান-পোহাৰ খোনাৰ অনুমতি প্ৰদান কৰে ৷ অৱশ্যে অসমত দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান সম্পৰ্কে অহা ২৭এপ্ৰিলতহে চৰকাৰে সিদ্ধান্ত ল’ব বুলি সদৰী কৰিছে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷ লক্ষ্যণীয় যে অসমত দেশৰ কিছুসংখ্যক ৰাজ্যৰ তুলনাত ক’ৰ’না মহামাৰীৰ প্ৰকোপ কম হ’লেও বৰ্তমানলৈ ৰাজ্যত ৩৫জন ক’ৰ’না ৰোগী চিনাক্ত কৰা হৈছে ৷ ইয়াৰে এজন মৃত্যুমুখত পৰিছে ৷ সৌভাগ্যবশতঃ ৰাজ্যৰ ক’ৰ’না ৰোগীসকলৰ অধিকাংশই সুস্থ হৈছে ৷ শুকুৰবাৰে এখন সংবাদমেলত এই তথ্য সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com