বলীউডৰ চিৰসেউজ অভিনেত্ৰী নীতু সিঙলৈ জন্ম দিনৰ বহুত শুভেচ্ছা

বলীউডৰ চিৰসেউজ অভিনেত্ৰী নীতু সিঙলৈ জন্ম দিনৰ বহুত শুভেচ্ছা

বলীউডৰ চিৰসেউজ অভিনেত্ৰী নীতু সিঙলৈ জন্ম দিনৰ বহুত শুভেচ্ছা৷ নীতু সিং সাম্প্ৰতিক সময়ৰ বলীউডৰ জনপ্ৰিয় অভিনেতা ৰনবীৰ কাপুৰৰ মাতৃ ৷একালৰ বলীউডৰ জনপ্ৰিয় অভিনেতা ঋষি কাপুৰৰ পত্নী নীতু সিং ৷ কিন্তু ঋষি কাপুৰৰ পত্নী আৰু ৰনবীৰ কাপুৰৰ মাতৃ হোবাৰ পূৰ্বতে নীতু কাপুৰৰ আছিল নিজস্ব এক পৰিচয় ৷কাৰণ সত্তৰ-আশী দশকত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ অন্যতম আছিল নীতু সিং ৷

Google

১৮৫৮ চনৰ ৮ জুলাই অৰ্থাৎ আজিৰ দিনটোতে জন্ম হৈছিল নীতু সিঙৰ ৷ ১৯৬৬ চনত সুৰয নামৰ ছবিখনৰ জৰিয়তে৷এগৰাকী শিশু শিল্পী হিচাপে বলীউডত প্ৰবেশ কৰে নীতু সিঙে ৷ইয়াৰ পিছত বলীউডৰ এগৰাকী অভিনেত্ৰী হিছাপে পদাৰ্পন কৰে ৰিক্সাৱালা ছবিখনৰ জৰিয়তে ৷ ইয়াৰ পিছত বলীউডৰ বহু ছবিত অভিনয় কৰাৰ পিছত নীতু সিং ১৯৮০ চনৰ ২২ জানুৱাৰীত সহ অভিনেতা ঋষি কাপুৰৰ লগত বিবাহ পাশত আৱদ্ধ হয়। আৰু নীতু সিং পৰিৱৰ্তিত হয় নীতু কাপুৰলৈ ৷ৰিদীমা কাপুৰ আৰু ৰনবীৰ কাপুৰৰ সৈতে ,সম্প্ৰতি নীতু কাপুৰ আৰু ঋষি কাপুৰৰ সুখৰ সংসাৰ ৷

নীতু কাপুৰে ঋষি কাপুৰৰ লগত বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত বলীউডৰ পৰা বিদায় লয় যদিও আকৌ ২৬ বছৰৰ পিছত পুনৰ অভিনয় জগতত খোজ পেলাই ৷ ইয়াৰ ভিতৰত ২০০৯ চনত মুক্তি লাভ কৰা লভ আজ কল,২০১০ চনত মুক্তি লাভ কৰা কমেডী ছবি দো দোনী চাৰ, ২০১২ চনত মুক্তি লাভ কৰা জব তক হ্যে জান আৰু বেছৰম আদি ৷

ইফালে নীতু কাপুৰ ঋষি কাপুৰ আৰু ৰনবীৰ কাপুৰৰ মেৰুদণ্ড স্বৰূপ ৷ কাৰণ পৰিয়ালৰ যিকোনো বিপদৰ সময়ত ঋষি কাপুৰ আৰু ৰনবীৰৰ লগত থাকে নীতু সিং ৷ কাৰণ সম্প্ৰতি ঋষি কাপুৰৰ কেন্সাৰ হোৱাৰ সময়ত অভিনেত্ৰী গৰাকী প্ৰত্যেকটো ক্ষণতে লগত থাকে ৷ইফালে সম্প্ৰতি নীতু কাপুৰৰ পুত্ৰ ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্ট ইজনে সিজনৰ প্ৰেমত ৷ দুয়োজনে আয়ান মুখাৰ্জীৰ ছবি ব্ৰহ্মাস্ত ছবিৰ দৃশ্য গ্ৰহণত ব্যস্ত আছে।

https://www.instagram.com/p/BzFGrTeA1GN/

অলপতে নীতু কাপুৰে ছ’চিয়েল মিডিয়াত পৰিয়ালৰ সকলো সদস্যৰ লগতে আলিয়া ভাট্টৰ সৈতে এখন ফ’টো শ্বেয়াৰ কৰিছিল ৷ অন্যহাতে নীতু কাপুৰৰ বলীউডৰ যাত্ৰা আছিল যথেষ্ট গুৰুত্ব পূৰ্ণ ৷ ইয়াৰ ভিতৰত আছিল অমৰ আকবৰ এন্থনী,কালা পাথাৰ,য়াৰানা,খেল খেল ম্যে,কভি কভি,ধৰম ৱীৰ,দিৱাৰ,প্ৰিয়তমা, দুছৰা আদমী আদি।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com