Begin typing your search above and press return to search.

আজি, শনিবাৰৰ পৰা খুলিব পাৰিব নিম্নোক্ত দোকানসমূহ

আজি, শনিবাৰৰ পৰা খুলিব পাৰিব নিম্নোক্ত দোকানসমূহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 April 2020 5:47 AM GMT

আজি, শনিবাৰৰ পৰা খুলিব পাৰিব নিম্নোক্ত দোকানসমূহ

দেশজোৰা তলাবন্ধ বা লক-ডাউনৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ উপৰি কেতবোৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰিছে। শুকুৰবাৰে নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সম্পৰ্কীয় এক নিৰ্দেশনা জাৰি কৰে। অৱশ্যে এই নতুন নিৰ্দেশনা ক'’ৱিড-১৯এ জটিল ৰূপ ধাৰণ কৰা অথবা ৰক্ত মণ্ডল (ৰেড জ’ন)ৰূপে ঘোষিত অঞ্চলত প্ৰযোজ্য নহয়। অৱশ্যে এই দোকান-পোহাৰ খোলাৰ ক্ষেত্ৰত কেতবোৰ বাধ্যবাধকতা আৰোপ কৰা হৈছে। একেদৰে শ্বপিং মল আদি খোলাৰো অনুমতি প্ৰদান কৰা হোৱা নাই। এই নতুন নিৰ্দেশনা অনুসৰি আজি, শনিবাৰৰ পৰা নিম্নোক্ত দোকানসমূহ খুলিব পাৰিবঃ

১)সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ দোকান আৰু প্ৰতিষ্ঠাপন আইনৰ অধীনৰ পঞ্জীয়নভুক্ত সকলো দোকান। তদুপৰি আৱাসিক চৌহদ আৰু বজাৰ চৌহদত থকা দোকান-পোহাৰো খুলিব পাৰিব।

২)পৌৰ নিগম বা পৌৰ কৰ্তৃপক্ষৰ অধীনৰ একোটা চুবুৰীত থকা দোকান-পোহাৰ, অকলশৰীয়াকৈ থকা দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

৩) পৌৰ নিগম বা পৌৰ কৰ্তৃপক্ষৰ অধীনৰ বাহিৰৰ পঞ্জীয়নকৃত দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। কিন্ত এই দোকানসমূহে মুঠ কৰ্মচাৰীৰ ৫০শতাংশকহে লক-ডাউনৰ সময়ছোৱাত নিয়োজিত কৰিব পাৰিব। তদুপৰি কৰ্মচাৰীসকলে সামাজিক দূৰত্বৰ নীতি-নিয়ম মানি চলিব লাগিব আৰু মাস্ক পৰিধান কৰিব লাগিব।

৪) একোটা অঞ্চলৰ স্থানীয় চেলুন আৰু পাৰ্লাৰসমূহ আজিৰ পৰা খুলিব পাৰিব।

৫)গ্ৰামীণ আৰু অৰ্ধ-গ্ৰামীণ অঞ্চলৰ সকলো বজাৰ মুকলি কৰিব পাৰিব।

৬) নগৰাঞ্চলসমূহত অ-অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ দোকান খুলিব পাৰিব। কিন্তু এনে দোকান অকলশৰীয়াকৈ থকা হ’ব লাগিব।

৭) গ্ৰামাঞ্চলসমূহত সকলো দোকানতে অ-অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰিব পাৰিব।

৮) পৌৰনিগম আৰু পৌৰসভাৰ বাহিৰৰ সকলো বজাৰ চৌহদ খোলাৰ অনুমতি দিয়া হৈছে।

৯) ক'’ৱিড-১৯ৰ লক-ডাউনৰ মাজতে সকলো সৰু-সুৰা দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

ইপিনে, দেশৰ একাংশ ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না মহামাৰীত আক্ৰান্ত আৰু মৃতৰ সংখ্যা। অসম, মণিপুৰ, গোৱা আদি কেইখনমান ৰাজ্যত সংক্ৰমণ একপ্ৰকাৰ ৰোধ হ’লেও কেতবোৰ স্থানত পৰিস্থিতি শোচনীয় হৈ আছে অথবা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। শেহতীয়া তথ্য অনুসৰি দেশত শুকুৰবাৰলৈকে ক’ৰ’না মহামাৰীত ৭২৫জন লোকৰ মৃত্যু হৈছে আৰু আক্ৰান্তৰ সংখ্যা ২৩,২৩৯ জনলৈ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰে পাঁচ হেজাৰ সুস্থ হৈছে। শুকুৰবাৰে এখন সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনে পৰিস্থিতিত একাংশ ৰাজ্যৰ চৰকাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: ৰাজস্থানৰ কোটাত আৱদ্ধ ছাত্ৰ ছাত্ৰীক ওভতাই অনাৰ বাবে আৰক্ষী প্ৰেৰণ অসম চৰকাৰৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story