Top
Begin typing your search above and press return to search.

ভাৰতীয় যুৱতীৰ শিৰত "মিচ ইউনিভাৰ্চ অষ্ট্ৰেলিয়া " ৰ খিতাপ

ভাৰতীয় যুৱতীৰ শিৰত মিচ ইউনিভাৰ্চ অষ্ট্ৰেলিয়া  ৰ খিতাপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jun 2019 1:51 PM GMT

ভাৰতীয় এগৰাকী মহিলাই সুনাম কঢ়িয়াই আনিছে। প্ৰিয়া চেৰাওয়ে " মিচ ইউনিভাৰ্চ অষ্ট্ৰেলিয়া " খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । পশ্চিম অষ্ট্ৰেলিয়াৰ বেলা কাচিমবা আৰু মাৰিজানা ৰাদমানবিকে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

ভাৰতত জন্ম গ্ৰহণ কৰা প্ৰিয়া চেৰাওয়ে অষ্ট্ৰেলিয়াত বসবাস কৰে । " মিচ ইউনিভাৰ্চ অষ্ট্ৰেলিয়া "২০১৯খিতাপ দখল কৰে । বৃহস্পতিবাৰে মেলব'ৰ্ণত অনুষ্ঠিত হোৱা এই বৰ্ণাঢ্য অনুষ্ঠানত এই খিতাপ অৰ্জন কৰে প্ৰিয়া চেৰাওয়ে । ২৬ বছৰীয়া যুৱতী প্ৰিয়া চেৰাওয়ে মিচ ইউনিভাৰ্চ ৰ প্ৰতিযোগিতা অংশগ্ৰহন কৰে। এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হব "মিচ ইউনিভাৰ্চ" ৰ প্ৰতিযোগিতা ।

প্ৰিয়া চেৰাওয়ে "মিচ ইউনিভাৰ্চ অষ্ট্ৰেলিয়া " খিতাপ অৰ্জন কৰি প্ৰকাশ কৰে যে, " মই অধিক বৈচিত্ৰ চাব বিচাৰো, মই বেলেগ এজনৰ দেশৰ হৈ আন এখন দেশত খিতাপ অৰ্জন কৰাটো মোৰ বাবে আশ্বৰ্যজনক " বুলি প্ৰকাশ কৰে । আইনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা প্ৰিয়া চেৰাওয়ে চাকৰি, পাৰিপাৰ্শ্বিক আৰু আঞ্চলিক বিভাগত (Department of jobs, precincts and regions) বৰ্তমান কৰ্মৰত । তেওঁ ভাৰতত জন্ম হৈছিল । প্ৰিয়া চেৰাওৰ পৰিয়াল পিছত অমান আৰু ডুবাইলৈ গৈছিল আৰু তাৰ পাছত অষ্ট্ৰেলিয়াত বসবাস কৰে ।

প্ৰিয়া চেৰাওয়ে " মিচ ইউনিভাৰ্চ অষ্ট্ৰেলিয়া " খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । পশ্চিম অষ্ট্ৰেলিয়াৰ বেলা কাচিমবা আৰু মাৰিজানা ৰাদমানবিকে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

" মিচ ইউনিভাৰ্চ অষ্ট্ৰেলিয়া " খিতাপ অৰ্জন কৰাটো তেওঁৰ বাবে এক আশ্বৰ্যজনক বুলি প্ৰকাশ কৰে । ধুনীয়াৰ বাবে তেওঁ অৰ্জন কৰা প্ৰথম প্ৰতিযোগিতা । " মই প্ৰথম বাৰলৈ বিউতি কন্টেচত অংশগ্ৰহন কৰিছো আৰু মই মজেলিঙ ইয়াৰ পূৰ্বে কেতিয়াও কৰা নাই । সেইকাৰণে এই খিতাপ মোৰ বাবে ডাঙৰ সাফল্য । এই প্ৰতিযোগিতায়ে মোক অভিজ্ঞতা দিলে " বুলি প্ৰকাশ কৰে প্ৰিয়া চেৰাওয়ে ।

ছছিয়েল মেডিয়াত ফটো সমূহৰ চেয়াৰ কৰি প্ৰকাশ কৰে যে, " যোৱা ২৪ ঘন্টাত যি ঘটিছে সেয়া মোৰ বাবে নতুন আৰু অবিশ্বাস্য । যিসকলে মোক সমৰ্থন আগবঢ়াইছে সেই সকলক ধন্যবাদ জ্ঞাপন কৰিছো । " বুলি প্ৰকাশ কৰে।

" মিচ ইউনিভাৰ্চ অষ্ট্ৰেলিয়া "২০১৯খিতাপ দখল কৰে । বৃহস্পতিবাৰে মেলব'ৰ্ণত অনুষ্ঠিত হোৱা এই বৰ্ণাঢ্য অনুষ্ঠানত এই খিতাপ অৰ্জন কৰে প্ৰিয়া চেৰাওয়ে ।

অন্য খবৰৰ বাবে পঢ়ক:আজি শুভ মুক্তি বলীউডৰ ছবি আৰ্টিকল ১৫ ৰ : ছবিগৃহত অনুৰাগীৰ ভিৰ

Next Story