Begin typing your search above and press return to search.

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰক উদ্দেশ্য কৰি মলাইকা আৰোৰাৰ ৰোমান্টিক প’ষ্ট

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰক উদ্দেশ্য কৰি মলাইকা আৰোৰাৰ ৰোমান্টিক প’ষ্ট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2019 11:18 AM GMT

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰাই প্ৰথমবাৰৰ কাৰণে নিজৰ সম্পৰ্কক সকলোৰে আগত স্বীকাৰ কৰিছে ৷ ইনষ্টাগ্ৰামত মলাইকা আৰোৰাই অৰ্জুন কাপুৰৰ লগত ফটো শ্বেয়াৰ কৰিছে ৷ দৰাচলতে অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰাৰ এজনে আনজনৰ হাতত ধৰি অৰ্জুনক জন্ম দিনৰ শুভেচ্ছা দিছে ৷

https://www.instagram.com/p/BzLhmO-BuLJ/

অৰ্জুনৰ ৩৪ বছৰীয়া জন্ম দিনত মলাইকাই মৰম আৰু শুভকামনা জনাইছে অভিনেতা গৰাকীক। ইফালে মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰে সম্প্ৰতি নিউয়ৰ্কত ৰোমান্টিক হলীডে উদযাপন কৰি আছে। এক বিশেষ খবৰ অনুসৰি দুয়ো গৰাকী প্ৰেমিকাই সোমবাৰে নিশা মুম্বাই বিমান বন্দৰৰ পৰা যাত্ৰা কৰে নিউয়ৰ্কলৈ ৷

অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰা দীৰ্ঘ সময় ধৰি প্ৰেমৰ সম্পৰ্কত আছে । যদিও দুয়োজনে কেতিয়াও এই সম্পৰ্কটোক অনুৰাগীৰ ওচৰত স্বীকাৰ কৰা নাছিল। কিন্তু এক সাক্ষাৎকাৰত অৰ্জুন কাপুৰে কয় যে সংবাদ মাধ্যম আৰু অনুৰাগীৰ পৰা পোৱা সন্মানে তেওঁলোকৰ সম্পৰ্কটোক স্বীকাৰ কৰাৰ কাৰণে সিদ্ধান্ত কৰে ।

উল্লেখ্য যে আৰবাজ খানৰ লগত হোৱা বিবাহ বিচ্চেদৰ পিছতে মলাইকাই এটি সাক্ষাৎকাৰত কৈছিল যে মৰম পুনৰ লাভ কৰিছে ৷মলাইকাৰ মন্তব্য অনুসৰি সকলোৱে জীৱনত আগবাঢ়ি যাব বিচাৰে। সকলোৱে মৰম ভালপোৱা বিচাৰে ৷ গতিকে এনেদৰে যদি কাৰোবাৰ পৰা মৰম ভালপোৱা লাভ কৰে ৷তেন্তে সেইজন অতি ভাগ্যৱান ৷

বিগত কিছুদিনৰ পৰা বি টাউনত অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰা বিবাহৰ প্ৰসংগই প্ৰাধান্য পাইছে ৷দুয়োজন ষ্টাৰৰ প্ৰেমে সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। কিন্তু শেহতীয়াকৈ প্ৰেমৰ প্ৰসংগৰ চৰ্চা লাভ কৰাৰ পিছত চৰ্চা লাভ কৰে বিবাহে ৷ মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ বিবাহস্থলী,দুয়োজনে লগ কৰাৰ বিভিন্ন ঠাইয়ে অনুৰাগীসকলক বাৰুকৈয়ে উৎসুক কৰি তোলে।

প্ৰথমতে ওলোৱা এক খবৰ অনুসৰি অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰাই ১৯ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ’ব ৷ কিন্তু এই খবৰ নসাৎ হোৱাৰ পিছত দুয়োগৰাকী প্ৰেমিক প্ৰেমিকাই জুনত বিবাহ পাশত আৱদ্ধ হোৱা খবৰ আহি পৰিছে ৷ এই সন্দৰ্ভে অৰ্জুন কাপুৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে মই সম্প্ৰতি বিয়াৰ কথা ভবা নাই ৷

অন্যহাতে অৰ্জুন কাপুৰ শেহতীয়াকৈ ৰাজকুমাৰ গুপ্তাৰ ছবি ইণ্ডিয়াছ মষ্ট ৱান্টেড ছবিত দেখিবলৈ পোৱা গৈছিল ৷লগতে আশুতোষ গোৱাৰিকাৰ ছবি পানিপতৰ দৃশ্যগ্ৰহণ কৰি আছে অৰ্জুন কাপুৰে। য’ত সঞ্জয় দত্ত আৰু কৃতি চাননেও অভিনয় কৰিব। ছবিখন মুক্তি লাভ কৰিব ৬ ডিচেম্বৰত ৷

অধিক খবৰৰ বাবে পঢ়ক: বলীউডৰ চৰ্চিত প্ৰেমিক যুগলক দেখা গ’ল মুম্বাইৰ বিমানবন্দৰত

Next Story
চাকৰি