চলন্ত ট্ৰেইনত উঠাৰ চেষ্টাত কথমপি প্ৰান ৰক্ষা এজনৰ

চলন্ত ট্ৰেইনত উঠাৰ চেষ্টাত কথমপি প্ৰান ৰক্ষা এজনৰ

চলন্ত ট্ৰেইনত উঠাৰ চেষ্টাত কথমপি প্ৰান ৰক্ষা এজনৰ । গুজৰাটৰ আহমেদাবাদ ৰেল ষ্টেচনত এজন লোকে চলন্ত ট্ৰেইনত উঠিব চেষ্টা কৰে । যাৰ ফলত সংঘটিত হব লগা এক ভয়ানক দুৰ্ঘটনাৰ ফলত প্ৰান ৰক্ষা পৰে এজন লোকৰ । এজন লোকে চলন্ত ট্ৰেইনত উঠিব চেষ্টা কৰে। যাৰ ফলত মানুহ জনৰ ভৰি পিছলি ট্ৰেইন আৰু প্লেটফৰ্মৰ মাজত আবদ্ধ হয় ।

অৱশেষত তাত উপস্থিত থকা দুজন আৰ পি এফ ৰ যোৱানে তেওঁৰ জীৱন ৰক্ষা কৰে ।এই ঘটনাটো আবদ্ধ হয় গুজৰাটৰ আহমেদাবাদ ৰেল ষ্টেচনৰ চি চি টি ভি কেমেৰাত । য'ত এজন মানুহে চলন্ত ট্ৰেইনত উঠিব চেষ্টা কৰে আৰু সেই সময়তেই মানুহ জনে নিয়ন্ত্ৰণ হেৰুৱাই ভৰি পিছলি পৰে ।

ট্ৰেইন খন আহমেদাবাদ ট্ৰেইন ষ্টেচনৰ আশ্ৰম এক্সপ্ৰেছ প্লেটফৰ্মৰ পৰা গৈ আছিল । ৰেলৱে মন্ত্ৰালয়লে এই ভিডিঅ'টো টুইট যোগে প্ৰচাৰ কৰিছে ।

চলন্ত ট্ৰেইনৰ পৰা পৰিব খোজতেই দুজন আৰ পি এফ ৰ যোৱানে মানুহ জনক ঠেলি ট্ৰেইনৰ ভিতৰলৈ পঠিয়াই দিয়ে । আৰ পি এফ ৰ যোৱান দুজন সেই সময়ত কৰ্মৰত অৱস্থাত আছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com