ক’ৰ’না ভাইৰাছত আক্ৰান্ত কণিকাৰ সৈতে পাৰ্টী কৰি বিপদত অনেক মন্ত্ৰী-বিধায়ক

ক’ৰ’না ভাইৰাছত আক্ৰান্ত কণিকাৰ সৈতে পাৰ্টী কৰি বিপদত অনেক মন্ত্ৰী-বিধায়ক

বলিউদৰ জনপ্ৰিয় গায়িকা কণিকা কাপুৰৰ দেহত ধৰা পৰিছে ক’ৰণা ভাইৰাছ৷ কণিকাই ১০ দিন পূৰ্বে লণ্ডনৰ পৰা মুম্বাইলৈ আহিছিল৷তাৰ পাছতে তেওঁ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ তাজ হোটেলত নিশা এক পাৰ্টীত অংশ লয়৷ উক্ত পাৰ্টীত উত্তৰ প্ৰদেশৰ বহু মন্ত্ৰী-বিধায়ক উপস্থিত আছিল৷ কিন্তু পাছত কণিকাৰ শৰীৰত ক’ৰণা ভাইৰাছ ধৰা পৰাত পাৰ্টীত উপস্থিত থকা মন্ত্ৰী-বিধায়কসকলে নিজকে অকলশৰীয়া কৰিছে৷ কণিকাৰ সৈতে এই পাৰ্টীত অংশগ্ৰহণ কৰা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু তেওঁৰ সাংসদ পুত্ৰ দুষ্যন্তই নিজকে বাসভৱনত স্ব-আৱদ্ধ কৰিছে৷ তদুপৰি দুষ্যন্তক সাক্ষাৎ কৰা উত্তৰ প্ৰদেশৰ আঞ্চলিক দল আপনা দলৰ নেত্ৰী অনুপ্ৰিয়া পেটেলে একে পন্থা অৱলম্বন কৰিছে।

উল্লেখ্য যে উক্ত পাৰ্টীৰ পিছত সাংসদ দুষ্যন্তই আন বহু সাংসদক সাক্ষাৎ কৰে৷ তদুপৰি তেওঁ ৰাষ্ট্ৰপতি ৰাম নাথ ক’ৱিন্দকো সাক্ষাৎ কৰে৷ সেয়েহে বহু সাংসদে নিজকে আৱদ্ধ কৰিবলৈ বাধ্য হৈছে৷ আনহাতে, যিসকল সাংসদে বিগত সপ্তাহত দুষ্টন্তৰ সাক্ষাৎ পাইছিল, তেওঁলোকে দুই-তিনি দিন পূৰ্বে দুষ্টন্তে ৰাষ্ট্ৰপতি ক’ৱিন্দকো সাক্ষাৎ কৰিছিল। দুষ্যন্তৰ লগতে উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ বহু সাংসদে ৰাষ্ট্ৰপতিৰ সৈতে একেলগে ভোজন কৰিছিল৷ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোৰ, সাংসদ হেমা মালিনী, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, কংগ্ৰেছ সাংসদ কুমাৰী শ্বেলজা, অলিম্পিয়ান বক্সাৰ তথা সাংসদ এম চি মেৰী কম, তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ-ব্ৰায়েনসহ বিগত তিনিদিনত কেইবা শ লোকক সাক্ষাৎ কৰে দুষ্যন্তই ৷ তেওঁ সাক্ষাৎ কৰা এইসকল সাংসদেও বিগত দিনত কেইবাগৰাকী মন্ত্ৰী-সাংসদ আৰু নিজ নিজ দলৰ নেতাক সাক্ষাৎ কৰে৷

ইপিনে, কণিকাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী জয় প্ৰতাপ সিঙে ক’ৰণা ভাইৰাছ সন্দৰ্ভত নিজ দেহ পৰীক্ষা কৰে৷ কাৰণ স্বাস্থ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰা বিজেপিৰ তিনিগৰাকী বিধায়কে আছুতীয়াকৈ থাকিবলৈ লয়৷ বিধায়ক পংকজ সিং, ধীৰেন্দ্ৰ সিঙে টুইটাৰত কয় যে প্ৰাথমিক অৱস্থাত নিজকে সুকীয়াকৈ ৰাখিছে৷ কিয়নো তিনিও বিধায়কে স্বাস্থ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল৷ আনহাতে, পাৰ্টীত শতাধিক উপস্থিত থকা বুলি কণিকাই ইনষ্টাগ্ৰামত সদৰী কৰিছে৷ কণিকাৰ দেহত ভাইৰাছ ধৰা পৰাৰ লগে লগে তেওঁৰ লগতে তেওঁৰ পৰিয়ালক অকলশৰীয়া কৰা হৈছে৷আনহাতে, ৰাষ্ট্ৰপতি ক’ৱিন্দৰো স্বাস্থ্য পৰীক্ষাৰ যো-জা চলোৱা হৈছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Sale of vitamins and other nutritional products rise due to coronavirus scare

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com