বলীউডৰ দ্বিতীয় বৃহৎ অপেনাৰ হিছাপে পৰিগণিত অক্ষয় কুমাৰৰ মিশ্যন মংগল

বলীউডৰ দ্বিতীয় বৃহৎ অপেনাৰ হিছাপে পৰিগণিত অক্ষয় কুমাৰৰ মিশ্যন মংগল

বলীউডৰ সম্প্ৰতি চৰ্চিত ছবি অক্ষয় কুমাৰৰ মিশ্যন মংগলে বক্স অফিচত সন্তোষজনক উপাৰ্জন লাভ কৰিছে ৷ছবিখনে বিগত তিনি দিনত ২৩.৫৮ কোটি টকা উপাৰ্জন কৰে ৷ এই কথা প্ৰকাশ কৰিছে তৰুণ আদৰ্শই। আৰু জন আব্ৰাহামৰ বাটালা হাউচে ৩৫.২৯ কোটি উপাৰ্জন কৰে । ইফালে ১৫ আগষ্টত মুক্তি লাভ কৰা মিশ্যন মংগলে ৬৯.০৯ কোটি টকা উপাৰ্জন কৰে।

বিদ্যা বালান,কৃতি কুলহাৰী,নিত্যা মেনন আৰু সোনাক্ষী সিন্হাৰ অভিনয় কৰা মিশ্যন মংগলে অনুৰাগীসকলৰ মাজত চৰ্চা লাভ কৰিছে। জগন শক্তিৰ মিশ্যন মংগল ছবিখন মাৰ্চলৈ যোৱা কাহিনীটোক সুন্দৰকৈ উপস্থাপন কৰা হৈছে। ইফালে দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মুক্তি লাভ কৰা মিশ্যন মংগল ২০১৯ বৰ্ষত বলীউডৰ সকলোতকৈ বৃহৎ অপেনাৰ হিচাপে পৰিগণিত হৈছে ৷

ছবি সমালোচক তৰুণ আদৰ্শই আৰু বক্স অফিচ ইণ্ডিয়াৰ তথ্য অনুসৰি মিশ্যন মংগলে প্ৰথম দিনাই ২৯.১৬ কোটি টকা উপাৰ্জন কৰে ৷দ্বিতীয়তে মিশ্যন মংগলৰ লগতে মুক্তি পোৱা জন আব্ৰাহামৰ বাটালা হাউচে প্ৰথম দিনা উপাৰ্জন কৰিছে ১৪ কোটি টকা ৷ছবি সমালোচক সকলে বাটলা হাউচৰ অপেনিং যথেষ্ট সন্তোষজনক বুলি প্ৰকাশ কৰে ৷

ইফালে মিশ্যন মংগলে মুম্বাই,বেংগালুৰু,মেছুৰ,গুৰগাঁৱ,ভূপালৰ দৰে ঠাইত ভাল উপাৰ্জন কৰে। মুম্বাইত মিশ্যন মংগল ছবিখনে ৯ কোটিতকৈ অধিক উপাৰ্জন কৰে। জগন শক্তিৰ ছবি মিশ্যন মংগলত অক্ষয় কুমাৰৰ উপৰিও বিদ্যা বালান,সোনাক্ষী সিন্হা,তাপসী পান্নু,কীৰ্তি কুলহৰী,নিত্যা মেনন আৰু শ্বৰমন জোশীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ আৰু অভিনেত্ৰী বিদ্যা বালানৰ মুক্তিৰ অপেক্ষাত থকা ছবি “মিশ্যন মংগল বিতৰ্কৰ আৱৰ্তত সোমাই সোমাই পৰিছিল ৷”মিশ্যন মংগল”ছবি খনৰ সন্দৰ্ভত নিৰ্মাতা ৰাধা ভৰদ্বাজে কয় যে ছবিখনৰ কাহিনী নকল কৰা হৈছে ৷ লগতে এই সমগ্ৰ বিষয়টো আদালতত বিচাৰ কৰাৰ পোষকতা কৰে ৰাধা ভৰদ্বাজে৷

লগতে “মিশ্যন মংগল” ছবিখনৰ বিষয়ে ছবি নিৰ্মাতা ৰাধা ভৰদ্বাজে কয় যে মিশ্যন মংগলৰ কাহিনী প্ৰকৃততে তেওঁৰহে ৷ জনপ্ৰিয় তথা বহু কেইটা বটাঁৰে শিৰোনামা দখল কৰিবলৈ সক্ষম হোৱা “নীৰজা”ছবিখনৰ প্ৰযোজক অতুল কস্বেকৰক পূৰ্বতে ৰাধা ভৰদ্বাজে “মিশ্যন মংগল”ৰ কাহিনী শুনাইছিল ৷কিন্তু অতুল কস্বেকৰে নন ডিচক্ল’জাৰ এগ্ৰীমেন্ট উলংঘন কৰি সমগ্ৰ “মিশ্যন মংগল”ৰ কাহিনী বিদ্যা বালানক শুনালে ৷ ইয়াৰ পিছতে অভিনেতা অক্ষয় কুমাৰ আৰু ছবিখনত অভিনয় কৰা বাকী শিল্পী সকলও কাহিনী শুনি শ্বুটিঙ আৰম্ভ কৰি দিলে ৷

আনহাতে জন আব্ৰাহাম আৰু মুণাল ঠাকুৰ বাটলা হাউচ মিশ্যন মংগলতকৈ সীমিত উপাৰ্জন কৰিছে যদিও কাহিনী,চিনেমটোগ্ৰাফী আৰু স্কীপ্তিঙে যথেষ্ট প্ৰশংসা লাভ কৰিছে ।এই ছবিখনত জন আব্ৰাহামে ডিচিপি সঞ্জীৱ কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com