নগালেণ্ডত মুকলি হ’ল দোকান-পোহাৰ, ৰাজ্য চৰকাৰে শিথিল কৰিলে নীতি-নিয়ম

নগালেণ্ডত মুকলি হ’ল দোকান-পোহাৰ, ৰাজ্য চৰকাৰে শিথিল কৰিলে নীতি-নিয়ম

কেন্দ্ৰীয় চৰকাৰে ক’ৱিড-১৯ অ-প্ৰভাৱিত বা বিশেষ প্ৰভাৱ নপৰা অঞ্চলসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে অ-অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান-পোহাৰ খুলিবলৈ অনুমতি প্ৰদান কৰাৰ পাছতে নগালেণ্ডত খোল খাইছে বহু দোকান-পোহাৰ। উল্লেখ্য যে নগালেণ্ডৰ ডিমাপুৰৰ এজন লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছে যদিও ৰাজ্যখনে এই লোকজনক নিজৰ ক’ৰ’না মহামাৰী আক্ৰান্তৰূপে স্বীকৃতি প্ৰদান কৰা নাই। ইয়াৰ কাৰণ হৈছে এই লোকজন গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত চিকিত্সাধীন হৈ আছে। অসম চৰকাৰেও এই লোকজনৰ ৰাজ্যৰ ক’ৰ’না মহামাৰীত আক্ৰান্তসকলৰ তালিকাত অন্তৰ্ভুক্ত কৰা নাই। ইপিনে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ জাননীৰ পাছতে নগালেণ্ডত পৌৰসভা আৰু নগৰ সমিতিৰ অধীনৰ দোকান-পোহাৰসমূহ খোল খাইছে। অৱশ্যে শ্বপিং মলসমূহ খুলিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰা নাই। আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শেহতীয়া জাননী অনুসৰি কিছু বাধ্যবাধকতাৰ মাজেৰে ক’ৱিড-১৯ অ-প্ৰভাৱিত বা বিশেষ প্ৰভাৱ নপৰা অঞ্চলসমূহত নিম্নোক্ত দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হৈছেঃ

১)সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ দোকান আৰু প্ৰতিষ্ঠাপন আইনৰ অধীনৰ পঞ্জীয়নভুক্ত সকলো দোকান। তদুপৰি আৱাসিক চৌহদ আৰু বজাৰ চৌহদত থকা দোকান-পোহাৰো খুলিব পাৰিব।

২)পৌৰ নিগম বা পৌৰ কৰ্তৃপক্ষৰ অধীনৰ একোটা চুবুৰীত থকা দোকান-পোহাৰ, অকলশৰীয়াকৈ থকা দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

৩) পৌৰ নিগম বা পৌৰ কৰ্তৃপক্ষৰ অধীনৰ বাহিৰৰ পঞ্জীয়নকৃত দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। কিন্ত এই দোকানসমূহে মুঠ কৰ্মচাৰীৰ ৫০শতাংশকহে লক-ডাউনৰ সময়ছোৱাত নিয়োজিত কৰিব পাৰিব। তদুপৰি কৰ্মচাৰীসকলে সামাজিক দূৰত্বৰ নীতি-নিয়ম মানি চলিব লাগিব আৰু মাস্ক পৰিধান কৰিব লাগিব।

৪)গ্ৰামীণ আৰু অৰ্ধ-গ্ৰামীণ অঞ্চলৰ সকলো বজাৰ মুকলি কৰিব পাৰিব।

৫) নগৰাঞ্চলসমূহত অ-অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ দোকান খুলিব পাৰিব। কিন্তু এনে দোকান অকলশৰীয়াকৈ থকা হ’ব লাগিব।

৬) গ্ৰামাঞ্চলসমূহত সকলো দোকানতে অ-অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰিব পাৰিব।

৭) পৌৰনিগম আৰু পৌৰসভাৰ বাহিৰৰ সকলো বজাৰ চৌহদ খোলাৰ অনুমতি দিয়া হৈছে।

৮) ক'’ৱিড-১৯ৰ লক-ডাউনৰ মাজতে সকলো সৰু-সুৰা দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

নগালেণ্ডতো এই নিৰ্দেশনা অনুসৰি দোকান-পোহাৰ খোলা হৈছে।

ইপিনে, দেশৰ একাংশ ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না মহামাৰীত আক্ৰান্ত আৰু মৃতৰ সংখ্যা। অসম, মণিপুৰ, গোৱা আদি কেইখনমান ৰাজ্যত সংক্ৰমণ একপ্ৰকাৰ ৰোধ হ’লেও কেতবোৰ স্থানত পৰিস্থিতি শোচনীয় হৈ আছে অথবা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com