তিনি মে’ৰ পাছতো তলাবন্ধ বাহাল ৰখাৰ পোষকতা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ

তিনি মে’ৰ পাছতো তলাবন্ধ বাহাল ৰখাৰ পোষকতা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ

তিনি মে’ৰ পাছতো তলাবন্ধ বাহাল ৰখাৰ পোষকতা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য দেশজুৰি জাৰি কৰা তলাবন্ধৰ বৰ্ধিত ম্যাদ অহা তিনি মে’ত অন্ত পৰিব। কিন্তু তাৰ পাছতো তলাবন্ধ বাহাল ৰখাৰ পোষকতা কৰিছে উত্তৰ-পূবৰ অধিকাংশ ৰাজ্যই। ইয়াৰ কাৰণ হৈছে তলাবন্ধ প্ৰত্যাহাৰ কৰিলে ক’ৰ’না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাব ঘটাৰ আশংকা। সম্প্ৰতি অসমক বাদ দি উত্তৰ-পূবৰ অধিকাংশ ৰাজ্য এই মহামাৰীৰ কবলৰ পৰা মুক্ত হৈছে। কিন্তু ইয়াক লৈ এই ৰাজ্যসমূহৰ চৰকাৰ আশংকামুক্ত হ’ব পৰা নাই। ইয়াৰ আভাষ সোমবাৰে স্পষ্ট হৈ পৰে। কালি দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক ভিডিঅ কনফাৰেন্সত মিলিত হয়। এই কনফাৰেন্সৰ সময়ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে অহা তিনি মে’ৰ পাছতো তলাবন্ধ বাহাল ৰখাৰ পোষকতা কৰে। এই সভাৰ পাছত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে ক’ৰ’না মহামাৰী অ-প্ৰভাৱিত বা কমকৈ প্ৰভাৱিত অঞ্চলসমূহত পৰ্যায়ক্ৰমে তলাবন্ধ শিথিলৰ সমূহীয়া পদক্ষেপ লব লাগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে। আনহাতে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চংমাই কয়, “ আমাৰ ৰাজ্যৰ সেউজ মণ্ডলসমূহক বাদ দি আমি তিনি মে’ৰ পাছতো তলাবন্ধ বাহাল ৰাখিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনালো”। একেদৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেপিঅ ৰিঅ আদিয়েও তিনি মেৰ পাছতো তলাবন্ধ বাহাল ৰখাৰ পোষকতা কৰিছে। উল্লেখ্য যে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ছিকিমক বাদ দি সাতখন ৰাজ্যত বৰ্তমানলৈ ৫৫জন ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰে অধিকাংশ অৰ্থাত্ ৩৬জন হৈছে অসমৰ। আজিও অসমত এগৰাকী ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত হয়। ইপিনে, দেশত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২৯,৪৩৫জনলৈ বৃদ্ধি পাইছে। একেদৰে মৃতকৰ সংখ্যা ৯৩৪জনলৈ বৃদ্ধি পাইছে। এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। আনহাতে, ক’ৰ’না মুক্ত হৈছে ত্ৰিপুৰা। ৰাজ্যকনৰ দ্বিতীয়জন ৰোগীৰ পৰীক্ষা নিগেটিভ বুলি অলপতে ঘোষণা কৰে মুখ্যমন্ত্ৰী বিপ্লৱ দেবে। ইয়াৰ পূৰ্বে মণিপুৰ ক’ৰ’না মহামাৰীৰ পৰা মুক্ত হয়। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবে বৃহস্পতিবাৰে এই কথা সদৰী কৰি কয় যে ত্ৰিপুৰাৰ দ্বিতীয়জন ক’ৰ’না ৰোগীৰ দুবাৰকৈ কৰা নমুনা পৰীক্ষা নিগেটিভ ওলোৱাৰ পিছত ত্ৰিপুৰা ক’ৰ’না মুক্ত হৈছে। এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰৰ জৰিয়তে ঘোষণা কৰে আৰু সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনায়।

ত্ৰিপুৰাক ক’ৱিড-১৯ মুক্ত কৰাৰ প্ৰয়াসৰ বাবে সকলোকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। তেওঁ টুইটাৰত কয়, " মই সকলো চিকিৎসক , স্বাস্থ্যকৰ্মী , সকলো ফন্ট লাইন যোদ্ধা আৰু জনতাক ত্ৰিপুৰা ক’ৰ’না মুক্ত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। সামাজিক দূৰত্ব আৰু সকলো উচিত নীতি-নিৰ্দেশনা পালন কৰাৰ বাবে আমি সম্পূৰ্ণ চেষ্টা কৰিম । ভগৱানে আশীৰ্বাদ‌ কৰক"।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com