Begin typing your search above and press return to search.

অনাগত বৰ্ষ বিশেষ গুৰুত্বপূৰ্ণ হ’ব বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফ আৰু বিক্কী কৌশলৰ কাৰণেঃ কিন্তু কিয়?

অনাগত বৰ্ষ বিশেষ গুৰুত্বপূৰ্ণ হ’ব বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফ আৰু বিক্কী কৌশলৰ কাৰণেঃ কিন্তু কিয়?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2019 12:26 PM GMT

বলীউডৰ অভিনেতা বিক্কী কৌশল আৰু টাইগাৰ শ্ৰফৰ কাৰনে অনাগত বৰ্ষটো হ’ব গুৰুত্বপূৰ্ণ ৷ কাৰণ,দুয়োগৰাকী ছুপাৰষ্টাৰৰ ছবি মুক্তি পাব অহা ২ অক্টোবৰত৷ বিক্কী কৌশলে সম্প্ৰতি সুজিত সিৰকাৰৰ ছবি উধম সিঙৰ দৃশ্য গ্ৰহণ কৰি আছে ৷ অন্যহাতে টাইগাৰ শ্ৰফে ষ্টাৰ ৰেম্ব’ৰ হিন্দী ৰিমেক ছবি গৃহলৈ আহিব ৷

বলীউডৰ অভিনেতা বিক্কী কৌশলৰ ছবি সেম মাণেকশ্ব’ৰ প্ৰথম প’ষ্টাৰ মুকলি হ’ল ৷ মেঘনা গুলজাৰে সেম মাণেকশ্ব’ৰ ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰাৰ লগতে কৰণ জোহৰে দোস্তনা ২ ৰ ষ্টাৰ কাষ্টৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে। দুয়োখন ছবিৰ বিষয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলো তথ্য প্ৰকাশ কৰিছে ৷ ইফালে মেঘনা গুলজাৰে ফীল্ড মাশ্বেল সেম মাণেকশ্ব’ৰ পূৰ্ণ্যতিথিত ছবিখনৰ প্ৰথম প’ষ্টাৰ মুকলি কৰিছে ৷

বিক্কী কৌশলে কয় যে মই ব্যক্তিগতভাৱে সেম মাণেকশ্ব’ৰ নাজানো ।যদিও মোৰ পিতৃ মাতৃয়ে কয় যে সেম মানেকোশ এগৰাকী দেশভক্ত আছিল ৷১৯৭১ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত মই তেওঁৰ নাম শুনিছিলো ৷ ছবিখনৰ নিৰ্মাণৰ কাৰণে মই সেম মাণেকশ্ব’ৰ বিষয়ে অধ্যয়ন কৰিম। অন্যহাতে বলীউডৰ আন এজন প্ৰযোজক পৰিচালক কৰণ জোহৰে ২০০৮ চনত মুক্তি প্ৰাপ্ত ছবি দোস্তানাৰ ছিকুৱেল নিৰ্মাণ কৰিব ৷

টাইগাৰ শ্ৰফে অভিনয় কৰিব লগা হলীউডৰ এই ছবিখনৰ ৰিমেক নিৰ্মাণ কৰিছে সিদ্ধাৰ্থ আনন্দে ৷এই ছবিখনৰ বিষয়ে অফিচিয়েল ভাবে প্ৰচাৰিত হৈছিল দুই বছৰৰ পূৰ্বে। কিন্তু টাইগাৰ শ্ৰফ বেলেগ প্ৰজেক্টত ব্যস্ত থকাৰ কাৰণে ছবিখনৰ কাম আৰম্ভ কৰিব পৰা নাছিল ৷ সিদ্ধাৰ্থে প্ৰকাশ কৰে যে অনাগত বৰ্ষৰ জানুৱাৰীত এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব। আৰু ছবিখনে মুক্তি পাব ২ অক্টোবৰত।

ইফালে ষ্টুডেন্ট অৱ দ্য ইয়েৰৰ পিছত টাইগাৰ শ্ৰফ বহু কেইখন ছবিত চুক্তি বদ্ধ হৈছে ৷প্ৰায় পাঁচ বছৰৰ আগতে বলীউডলৈ যাত্ৰা কৰা টাইগাৰ শ্ৰফ বলীউডৰ আন এজন ছুপাৰষ্টাৰ ঋতিক ৰোশনৰ ভীষণ অনুৰাগী। দুয়োজন অভিনেতাই সিদ্ধাৰ্থ আনন্দৰ এখন ছবিত অভিনয় কৰিব ৷লগতে মন্তব্য কৰে যে ঋতিক ৰোশনৰ লগত কাম কৰাটো টাইগাৰৰ কাৰণে বহু প্ৰত্যাহ্বান পূৰ্ণ ৷ ঋতিক ছাৰ প্ৰতিটো কামতে বহু নিখুঁত।ইফালে টাইগাৰ শ্ৰফ আৰু বিক্কী কৌশলৰ ছবিৰ উপৰিও অনাগত বৰ্ষত ঋতিক ৰোশন আৰু সিদ্ধাৰ্থ মালহোত্ৰা আৰু তাৰা চুতাৰিয়াৰ মৰজাৱাঁ ছবিখনে মুক্তি লাভ কৰিব।

অধিক খবৰৰ বাবে পঢ়ক : বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টে লন্স কৰিলে ইউটিউব চেনেলঃ উৎসুক অনুৰাগী

Next Story
চাকৰি