বি এছ এন এল এ স্পষ্টতা দিলে যে কোম্পানী বন্ধ কৰিবলৈ কোনো ধৰনৰ প্ৰস্তাৱ দিয়া হোৱা নাই

বি এছ এন এল এ স্পষ্টতা দিলে যে কোম্পানী বন্ধ কৰিবলৈ কোনো ধৰনৰ প্ৰস্তাৱ দিয়া হোৱা নাই

বি এছ এন এল এ স্পষ্টতা দিলে যে কোম্পানী বন্ধ কৰিবলৈ কোনো ধৰনৰ প্ৰস্তাৱ দিয়া হোৱা নাই ।বিভিন্ন সংবাদ মাধ্যমৰ তথ্য তথা বিভিন্ন লোকৰ কথাক ভুল প্ৰমাণিত কৰি টেলিকমৰ প্ৰধান ভাৰত সঞ্চাৰ নিগম লিমিটেড ( Bharat sanchar Nigam limited , B S N L ) অসমে কয় যে প্ৰতিষ্ঠানটো বন্ধ কৰিবলৈ কোনো ধৰনৰ প্ৰস্তাৱ গৃহীত হোৱা নাই।

ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ ৰাজ্যৰ প্ৰচালক গৰাকীয়ে কয় যে কোম্পানী বন্ধ কৰিবলৈ কোনো ধৰনৰ পৰিকল্পনা নাই । দেশত ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ টেলিকম সেৱা পৰৱৰ্তী সময়তো অব্যাহত থাকিব ।

এক সংবাদ মেলত কোম্পানীটোৱে কয় যে " ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ সেৱা বন্ধ কৰিবলৈ কোনো ধৰনৰ প্ৰস্তাৱ লোৱা নাই । সংবাদ মাধ্যমক জনোৱা তথ্য সমূহ ভুল । কঠোৰ প্ৰতিযোগিতা আৰু ‌শুল্ক হ্ৰাসৰ ফলত ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰ্থিক সংকটত ভুগি আছে । কিন্তু প্ৰতিষ্ঠানটোক পুনৰ্জীৱিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা কৰি আছে " ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰনালয়ে পি এচ ইউ ( P S U , public sector undertaking ) অৰ্থাৎ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বন্ধ কৰাৰ পৰামৰ্শ দিয়াৰ দুদিন পাছত প্ৰতিষ্ঠানটোৱে এই উক্তি প্ৰদান কৰে । তথ্য অনুসৰি বৰ্তমান ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কৰ্মচাৰীৰ সংখ্যা হ'ল ১.৭৬ লাখ ।

আৰ্থিক সংকটত ভুগি আছে ভাৰত সঞ্চাৰ নিগম লিমিটেড ।‌ ভাৰতৰ একমাত্ৰ চৰকাৰী টেলিকম প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ বি এছ এন এল । জানিব পৰা মতে ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কৰ্মচাৰী সকলে আগষ্ট মাহৰ পৰা লাভ কৰা নাই দৰমহা । তাৰোপৰি প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে দেৱালীৰ পূৰ্বে দৰমহা আদায় দিবলৈ চৰকাৰক দাবী জনায় বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী ও গঢ়ি তুলিছিল ।

তাৰোপৰি ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ উপৰিও আন এটা চৰকাৰী প্ৰতিষ্ঠান মহানগৰ টেলিফোন নিগম লিমিটেড ( mahanagar telephone Nigam limited , M T N L ) ও বন্ধ কৰাৰ পৰামৰ্শ দিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে । সূত্ৰ অনুসৰি ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু মহানগৰ টেলিফোন নিগম লিমিটেডক সংকটৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ৭৪,০০০ কোটি টকাৰ বাবে কৰা প্ৰস্তাৱ নাকচ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch Dilapidated Road Condition at Sitalmari village in Sonitpur

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com