Begin typing your search above and press return to search.

উত্তৰপূবত বৃদ্ধি ধুম্ৰপান কৰা লোকৰ সংখ্যা

উত্তৰপূবত বৃদ্ধি ধুম্ৰপান কৰা লোকৰ সংখ্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2019 8:56 AM GMT

উত্তৰপূবত বৃদ্ধি ধুম্ৰপান কৰা লোকৰ সংখ্যা ৷ এক চাঞ্চল্যকৰ তথ্য উত্তৰ পূবৰ প্ৰায় সংখ্যক লোকে ধূম্ৰপান কৰাৰ ক্ষেত্ৰত দেশৰ অন্যান্য ক্ষেত্ৰৰ তুলনাত অধিক ব্যয় কৰে ৷ যাৰ কাৰণে উত্তৰ পূবৰ লোকসকলে কেন্সাৰৰ দৰে অসুখত ভূগিব লগা হৈছে ৷বি বৰুৱা কেন্সাৰ চিকিৎসালয়ৰ লগতে বিভিন্ন সংগঠনৰ এক তথ্য অনুসৰি উত্তৰ পূবত ধুম্ৰপান কৰাৰ ক্ষেত্ৰত লোকসকলে প্ৰতিমাহে ১৫০০ টকা ব্যয় কৰে ৷ এই তথ্য ৰাষ্ট্ৰীয় মুঠ সমীক্ষাৰ বহু ওপৰত ।

ধুম্ৰপান কৰাৰ ক্ষেত্ৰত নাগালেণ্ডত ১,৪৭৪ টকা,অৰুণাচল প্ৰদেশত ১,২৪২ টকা,মেঘালয়ত ১,১৯২ টকা,ত্ৰিপুৰাত ৮০৩ টকা,অসমত ৭৯৯ টকা,মিজোৰামত ৭১৩ টকা আৰু মণিপুৰত ৩৫১ টকা ব্যয় কৰে ৷বীড়ি খোৱা মানুহৰ ক্ষেত্ৰত অসমত প্ৰতি মাহে ব্যয় কৰে ৭৮৭ টকা,অৰুনাচল প্ৰদেশত ৩৩১ টকা,ত্ৰিপুৰাত ৩১৭ টকা,নাগালেণ্ডত ২৬৬ টকা,মিজোৰামত ২৫৬ টকা,মেঘালয়ত ১৮১ টকা,মনিপুৰত ১৩৬ টকা ব্যয় হয়।

এই সকলোবোৰ তথ্যলৈ লক্ষ্য কৰিলে দেখা যায় যে ৰাজ্যত ধুম্ৰপান কৰা লোকসকলে এদিনত এক পেকেট চিগাৰেট সেৱন কৰে। ইফালে এটা পেকেটত থাকে ১০ টা চিগাৰেট ৷যদি কোনো ব্যক্তিয়ে এনেদেৰে চিগাৰেট সেৱন কৰে তেওঁৰ কেন্সাৰ বা কৰ্কট ৰোগ হ’ব পাৰে। এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসালয়ৰ ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশক অমল চন্দ্ৰ কটকীৰ মত অনুসৰি ৰাজ্যৰ কৰ্কট ৰোগৰ বৃদ্ধিৰ অন্যতম কাৰণ হৈছে চুপাৰি,ধঁপাত আৰু চিগাৰেট সেৱন ৷যদিহে লোকসকলৰ চিগাৰেট সেৱন এক অভ্যাসলৈ পৰিণত হয় তেন্তে উত্তৰ পূবত কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাব ৷গতিকে উত্তৰ পূবত যিকোনো ক্ষেত্ৰতে ধুম্ৰপান আৰু ধপাঁত সেৱনত প্ৰতিবন্ধকতা আৰোপ কৰিবই লাগিব ৷

স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালযত এম আৰ আই চেন্টাৰ আৰু বিনামূলীয়া ডায়েলাইছিছ আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইছিছ আঁচনিৰ শুভাৰম্ভ কৰে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিনামূলীয়া ডাইলাছিছৰ সুবিধা প্ৰদান কৰাৰ কাৰণে দুখিয়া দৰিদ্ৰ সকলে চিকিৎসা কৰাৰ ক্ষেত্ৰত সকাহ পাব ৷

লগতে বিনামূলীয়া এই চিকিৎসা সেৱাৰ যোগেৰে মধ্যবিত্ত লোকসকলৰ বহু দিনীয়া এটি আশা পূৰণ হ’ব ৷ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসাধাৰণৰ সুবিধাৰ্থে লোৱা বিভিন্ন আঁচনিৰ সম্পৰ্কে উল্লেখ কৰে ৷ৰাজ্যখনত ১৮ টা বিনামূলীয়া বৃক্ক ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে ডায়েলাইছিছ কেন্দ্ৰ আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী ড° শৰ্মাই ৷

অন্য খবৰৰ বাবে পঢ়ক: তেজপুৰত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিনামূলীয়া ডাইলাছিছ আঁচনি মুকলি

Next Story
চাকৰি