Begin typing your search above and press return to search.

ক’ৱিড-১৯ মুক্ত উত্তৰ-পূবৰ পঞ্চমখন ৰাজ্যত পৰিণত ত্ৰিপুৰা

ক’ৱিড-১৯ মুক্ত উত্তৰ-পূবৰ পঞ্চমখন ৰাজ্যত পৰিণত ত্ৰিপুৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 April 2020 10:00 AM GMT

ক’ৱিড-১৯মুক্ত উত্তৰ-পূবৰ পঞ্চমখন ৰাজ্যত পৰিণত ত্ৰিপুৰা

মহামাৰী, ক’ৰ’নাৰ গ্ৰাসৰ পৰা মুক্ত হ’ল উত্তৰ-পূবৰ আৰু এখন ৰাজ্য। এই ৰাজ্যখন হৈছে ত্ৰিপুৰা। ৰাজ্যখনত এগৰাকী মহিলাসহ দুজন লোক এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছিল। শেহতীয়া খবৰ দুয়োজনেই সুস্থ হৈছে আৰু দুয়োকে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। ফলত ৰাজ্যখন ক’ৰ’না মুক্ত হৈছে। ৰাজ্যখনৰ দ্বিতীয়জন ৰোগীৰ শেহতীয়া নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে। ইয়াৰ পূৰ্বে মণিপুৰ ক’ৰ’না মহামাৰীৰ পৰা মুক্ত হয়। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী দেবে এই কথা সদৰী কৰি কয় যে ত্ৰিপুৰাৰ দ্বিতীয়জন ক’ৰ’না ৰোগীৰ দুবাৰকৈ কৰা নমুনা পৰীক্ষাত ফলাফল নিগেটিভ ওলোৱাৰ পিছত ত্ৰিপুৰা ক’ৰ’না মুক্ত হৈছে। এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰৰ জৰিয়তে ঘোষণা কৰে আৰু সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনায়।

ত্ৰিপুৰাক ক’ৱিড-১৯ মুক্ত কৰাৰ প্ৰয়াসৰ বাবে সকলোকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। তেওঁ টুইটাৰত কয়, " মই সকলো চিকিৎসক , স্বাস্থ্যকৰ্মী , সকলো ফন্ট লাইন যোদ্ধা আৰু জনতাক ত্ৰিপুৰা ক’ৰ’না মুক্ত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। সামাজিক দূৰত্ব আৰু সকলো উচিত নীতি-নিৰ্দেশনা পালন কৰাৰ বাবে আমি সম্পূৰ্ণ চেষ্টা কৰিম । ভগৱানে আশীৰ্বাদ‌ কৰক"।ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মণিপুৰক ক’ৱিড-১৯ মুক্ত বুলি স্বীকৃতি প্ৰদান কৰা হয়। ইয়াত বিপৰীতে অসমত ক’ৱিড-১৯ ৰোগী চিনাক্ত হৈ আছে। সুস্থ আৰু চিকিত্সাধীন মুঠ ৩৭ জন ক’ৱিড-১৯ ৰোগী অসমত আছে। এই কথা সদৰী কৰি মঙলবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কালি ৰাজ্যত এগৰাকী কিশোৰীসহ দুজন ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত হয়। এই কিশোৰীগৰাকী হৈছে বঙাইগাঁৱৰ শালমাৰাৰ। আনহাতে, গোৱালপাৰাৰ এজন লোকৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই লগতে কয় যে নিজামুদ্দিন দৰগাহৰ যোৱা মাহৰ জামাতত অংশ লোৱা গোৱালপাৰাৰ এজন লোক ক’ৱিড আক্ৰান্তৰূপে চিনাক্ত হৈছে। স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি শালামাৰাৰ ক’ৰ’না মহামাৰী আক্ৰান্ত কিশোৰীগৰাকীৰ সৈতে দিল্লীৰ নিজামুদ্দিন দৰগাহৰ যোৱা মাহৰ জামাতত অংশ লোৱা এজন ব্যক্তিৰ পৰোক্ষ সম্পৰ্ক আছিল। এই কিশোৰীগৰাকী আৰু গোৱালপাৰাৰ জামাতীজন ক’ৰ’না পজিটিভ চিনাক্ত হোৱাৰ লগে লগে অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি পালে। অৱশ্যে সম্প্ৰতি ইয়াৰে নজনহে চিকিত্সালয়ত চিকিত্সাধীন হৈ আছে বুলি মন্ত্ৰী শৰ্মাই সদৰী কৰে। আন ২৭জনক চিকিত্সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।এজনৰ আক্ৰান্ত মৃত্যুমুখত পৰে।

অন্য খবৰৰ বাবে পঢ়ক: সুৰক্ষা বাহিনীত জোঁকাৰণিঃ ক’ৰ’নাত মৃত্যু দিল্লীত কৰ্মৰত অসমৰ চি আৰ পি বিষয়াৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story