Begin typing your search above and press return to search.

লকডাউনঃ মিজোৰামৰ প্ৰায় ৫৫০০ লোক ৰাজ্যৰ বাহিৰত আবদ্ধ

লকডাউনঃ মিজোৰামৰ প্ৰায় ৫৫০০ লোক ৰাজ্যৰ বাহিৰত আবদ্ধ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 April 2020 12:58 PM GMT

লকডাউনঃ মিজোৰামৰ প্ৰায় ৫৫০০ লোক ৰাজ্যৰ বাহিৰত আবদ্ধ । সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ক’ৰ’না মহামাৰীয়ে ।ক’ৱিড-১৯ ৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ দেশত ৩ মে' লৈ আছে তলাবন্ধ। শুকুৰবাৰে মিজোৰাম চৰকাৰে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ ৫,৫০০ জনতকৈও অধিক লোক ল’ক-ডাউনৰ ফলত ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ আছে।

সম্প্ৰতি মিজোৰাম চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত সচিব লালডাৱনগ্লিয়ানাই প্ৰৱাসী শ্ৰমিক আৰু আবদ্ধ হৈ থকা যাত্ৰী সকলক উভতাই অনাৰ উদ্যোগ লৈছে । তেওঁ কয় যে লক-ডাউনৰ বাবে ৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰায় ৫৫০০ জন‌ লোক আবদ্ধ হৈ আছে।

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰৰ দ্বাৰা এক ৱেবপৰ্টেল খোলাৰ পিছত ইয়াৰ সংখ্যা বৃদ্ধি হ'ব পাৰে।

আবদ্ধ হৈ থকা লোকসকলৰ ৩,১৯৪ গৰাকী ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, ২,১০৩ গৰাকী ছাত্ৰ-ছাত্ৰী, আৰু ২৪৯ জন‌ বিভিন্ন ৰাজ্যত চিকিৎসা কৰি আছে ।

তেওঁ কয় যে ৫৫৪৬ লোকৰ ভিতৰত ১,১৩০ জন‌ উত্তৰ পূৰ্বাঞ্চলতে আৱদ্ধ হৈ আছে।‌

চৰকাৰে প্ৰকাশ কৰা অনুসৰি আবদ্ধ লোকসকলৰ ভিতৰত ৮৬৩ জনৰ মাজত মিজোৰ সংখ্যা অধিক আৰু তাৰ পিছতেই ৭৪২ জন‌ৰ সৈতে আছে মেঘালয়।

তদুপৰি মিজোৰাম চৰকাৰে বাহিৰত আবদ্ধ হৈ থকা লোকসকলক সহায় কৰিবলৈ ৪৩ টকা মিজো কল্যাণ সংগঠনক প্ৰায় ১.৫৮ কোটি টকাৰ সাহায্য প্ৰদান কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: আমেৰিকাত ভাৰতীয় প্ৰতিভাৰ জয়ধ্বজাঃ সুন্দৰ পিচাইৰ ২০১৯ৰ দৰমহা ২৮১নিযুত ডলাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story