ক’ৱিড-১৯: ছেপ্টেম্বৰৰ ভিতৰত ভেকচিন মুকলি কৰিব পুনেস্থিত কোম্পানীয়ে

ক’ৱিড-১৯: ছেপ্টেম্বৰৰ ভিতৰত ভেকচিন মুকলি কৰিব পুনেস্থিত কোম্পানীয়ে

বিশ্বত ক’ৰ’নাৰ হাহাকাৰ ধ্বনি অব্যাহত থকাৰ সময়তে এটা সুখবৰ আহিছে ৷ মহাৰাষ্ট্ৰৰ পুনেস্থিত বহুজাতিক ঔষধ কোম্পানীয়ে প্ৰকাশ কৰিছে যে ই অহা ছেপ্টেম্বৰৰ ভিতৰত বজাৰত ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক বা ভেকচিন মুকলি কৰিব ৷ এই ভেকচিনৰ মূল্যও নিৰ্ধাৰণ কৰিছে কোম্পানীটোৱে ৷ পুনেস্থিত ছিৰাম ইনষ্টিটিউট নামৰ এই কোম্পানীয়ে নিউমোনিয়া আৰু ডেংগুৰ ঔষধ তৈয়াৰ কৰে ৷ কোম্পানীটোৰ ঔষধৰ মূল্য তুলনামূলকভাবে বহু কম ৷ সম্প্ৰতি প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে যে ই অহা ছেপ্টেম্বৰৰ পৰা ই প্ৰতি টোপালত এহেজাৰ টকাৰ দামৰ ক’ৰ’নাৰ ভেকচিন মুকলি কৰিব ৷ এই সম্পৰ্কত ছিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱাই কয়, “ আমি আমাৰ পুনেস্থিত কাৰখানতে এই প্ৰতিষেধক প্ৰস্তুত কৰিম ৷ এই ভেকচিন তৈয়াৰৰ বাবে তিনি হেজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব ৷ আশাকৰো অহা ছেপ্টেম্বৰৰ ভিতৰত কতৰ’নাৰ প্ৰতিষেধক মুকলি কৰিবলৈ সক্ষম হ’ম"৷ তেওঁ জানিবলৈ দিয়া মতে, ছেপ্টেম্বৰৰ ভিতৰত কোম্পানীটোৱে ২০ৰ পৰা ৪০নিযুত ভেকচিন বজাৰত মুকলি কৰিব ৷

ইপিনে, দেশত ক’ৰ’না মহামাৰীত মৃত আৰু আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশত সম্প্ৰতি মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২৭, ৮৯২জন হৈছে ৷ একেদৰে মৃতৰ সংখ্যা ৮৭২জন হৈছে ৷ যোৱা মাথোঁ ২৪ ঘণ্টাতে ৪৮জন লোকৰ মৃত্যু হয় ৷ আনহাতে ৬, ১৮৫জন সুস্থ হৈছে ৷ ইপিনে, দেশৰ কৱিড-১৯ অ-প্ৰভাৱিত স্থানসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে অ-অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান-পোহাৰ মুকলিৰ অনুমতি প্ৰদান কৰা হৈছে ৷ সেই অনুসৰি শনিবাৰৰ পৰা কেতবোৰ অঞ্চলত দোকান-পোহাৰ খোলা হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com