চীনা সামগ্ৰী নিষিদ্ধ কৰাৰ দাবী আৰ এছ এছৰ অৰ্থনৈতিক শাখাৰ

চীনা সামগ্ৰী নিষিদ্ধ কৰাৰ দাবী আৰ এছ এছৰ অৰ্থনৈতিক শাখাৰ

ভাৰতত চীনা সামগ্ৰী নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰি সৰৱ হৈ উঠিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰ এছ এছ)ৰ অৰ্থনৈতিক শাখা স্বদেশী জাগৰণ মঞ্চ। চীনে ক’ৰ’না ভাইৰাছৰ ভয়াবহতাৰ তথ্য গাপ দিয়া তথা বিশ্বৰ বিভিন্ন দেশক নিম্নমানৰ তথা ত্ৰুটিপূৰ্ণ টেষ্টিং কিট যোগান ধৰাক লৈ জাঙুৰ খাই স্বদেশী জাগৰণ মঞ্চই তৎকালে চীনা সামগ্ৰী নিষিদ্ধকৰণৰ দাবী উত্থাপন কৰিছে ৷ এই দাবীৰ সমৰ্থনত জনমত গঠনৰ উদ্দেশ্যে আজি দেওবাৰৰ পৰা মঞ্চই প্ৰচাৰ কাৰ্যসূচী হাতত লৈছে ৷ এই কাৰ্যসূচীৰ জৰিয়তে মঞ্চই দেশবাসীক চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাব ৷ শনিবাৰে জাগৰণ মঞ্চই “স্বদেশী সংকল্প দিৱস" পালন কৰে ৷ এই কথা সদৰী কৰি স্বদেশী জাগৰণ মঞ্চৰ ৰাষ্ট্ৰীয় আহ্বায়ক অশ্বিনী মহাজনে এক বিবৃতিত কয় যে স্বদেশী সংকল্প দিৱস উপলক্ষে সন্ধিয়া ৬-৩০বজাৰ পৰা ৬-৪০বজাৰ ভিতৰত প্ৰতিঘৰ গৃহস্থীত বন্তি প্ৰজ্বলন কৰা হয়। সম্প্ৰতি বিশ্বজুৰি সংহাৰ চলোৱা ক’ৰ’না মহামাৰীৰ বাবে চীনক পোনপটীয়াকৈ জগৰীয়া কৰি স্বদেশী জাগৰণ মঞ্চৰ আহ্বায়কজনে কয়, “ চীনৰ ভাইৰাছ(ক’ৰ’না ভাইৰাছ)ৰ বাবে তলাবন্ধ ঘোষণা কৰিবলগীয়া হ’ল আৰু ইয়াৰ ফলত ভাৰতকে ধৰি সমগ্ৰ বিশ্বত আৰ্থিক সংকটে দেখা দিছে। এই তলাবন্ধৰ ফলত সকলো ধৰণৰ আৰ্থিক কাম-কাজত ব্যাঘাত জন্মিছে ৷ আমাৰ দেশেও বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৷ গতিকে আমি ভাৰতত চীনা নিষিদ্ধ কৰাৰ দাবী জনাইছো আৰু দেশবাসীক চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাইছো ।" চীনা সামগ্ৰী বৰ্জন কৰি ভাৰতীয় উদ্যোগসমূহত উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈও স্বদেশী জাগৰণ মঞ্চৰ নেতাজনে আহ্বান জনায় ৷ দেশৰ বৃহত্তৰ স্বাৰ্থত স্বদেশী সামগ্ৰী ব্যৱাহাৰ কৰিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাই তেওঁ লগতে কয়, “ আমাৰ দেশৰ উদ্যোগসমূহত উৎপাদিত সামগ্ৰী ব্যৱহাৰত সকলোৱে মনোনিৱেশ কৰা উচিত ৷ চীনা সামগ্ৰী সম্পূৰ্ণৰূপে বৰ্জন কৰি ভাৰতীয় সামগ্ৰী ব্যৱহাৰ কৰিব লাগে ৷" চীনা সামগ্ৰীয়ে দেশৰ ক্ষুদ্ৰ আৰু

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com