অৰ্ণৱ গোস্বামীক সকাহ উচ্চতম ন্যায়ালয়ৰ, তিনি সপ্তাহলৈ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ

অৰ্ণৱ গোস্বামীক সকাহ উচ্চতম ন্যায়ালয়ৰ, তিনি সপ্তাহলৈ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ

অৰ্ণৱ গোস্বামীক সকাহ উচ্চতম ন্যায়ালয়ৰ, তিনি সপ্তাহলৈ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ

এক বৃহৎ সকাহ লাভ কৰিলে দেশৰ বিশিষ্ট সাংবাদিক তথা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে ৷ কিছুদিন পূৰ্বে একাংশ লোকে প্ৰখ্যাত সাংবাদিকগৰাকীৰ বিৰুদ্ধে কে’বাটাও গোচৰ ৰুজু কৰে। ইয়াক প্ৰত্যাহ্বান জনাই গোস্বামী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গোস্বামীৰ আবেদনৰ শুনানী গ্ৰহণ কৰি তেওঁৰ বিৰুদ্ধে তিনি সপ্তাহলৈ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ জাৰি কৰে ৷ উল্লেখ্য যে মহাৰাষ্ট্ৰৰ পালঘৰত অলপতে সংঘটিত দুজন সাধুসহ তিনিজন লোকৰ হত্যাক লৈ গোস্বামীয়ে এক টক শ্ব’ৰ আয়োজন কৰে ৷ এই টক শ্ব’ক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত ঘটে ৷ এই বিতৰ্কৰ পাছতে চত্তিশগড় আৰক্ষীয়েও প্ৰখ্যাত সাংবাদিকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ আজি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে সাংবাদিক গোস্বামীক এই সকাহ প্ৰদান কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com