Begin typing your search above and press return to search.

ৰাজ্যত জটিল ৰূপ ধাৰণ কৰা গাহৰি ৰোগ চিনাক্ত হোৱা নাইঃ মন্ত্ৰী অতুল বৰা

ৰাজ্যত জটিল ৰূপ ধাৰণ কৰা গাহৰি ৰোগ চিনাক্ত হোৱা নাইঃ মন্ত্ৰী অতুল বৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 April 2020 7:00 AM GMT

ক’ৰ’না মহামৰীৰ বিভীষিকাৰ মাজতে হঠাতে ৰাজ্যত প্ৰাদুৰ্ভাৱ ঘটা গাহৰিৰ অতি সংক্ৰামক ৰোগ বিধ চিনাক্ত হোৱা নাই ৷ এই ৰোগ মানুহলৈ সংক্ৰামিত হোৱাৰো আশংকাই দেখা দিছে ৷ অৱশ্যে এনে আশংকা অমূলক আখ্যা দিছে ৰাজ্যৰ কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাই ৷ বৰ্তমানলৈ এই গাহৰিৰ ৰোগ চিনাক্তকৰণ হোৱা নাই বুলি সদৰী কৰি মন্ত্ৰী বৰাই টুইটাৰত কয়, “ ৰাজ্যত দেখা দিয়া এই গাহৰিৰ ৰোগ বৰ্তমানলৈ চিনাক্ত হোৱা নাই ৷ এই ৰোগ এটা গাহৰিৰ পৰা আন এটা গাহৰিলৈ দ্ৰুততৰে বিয়পি পৰে ৷ কিন্ত এই ৰোগ মানুহলৈ সংক্ৰামিত নহয় ৷ গাহৰিৰ পৰা গাহৰিলৈহে সংক্ৰামিত হয় ৷" তৎসত্বেও ৰাজ্যত গাহৰি মাংস ভক্ষণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ এই কথাও উক্ত টুইটত মন্ত্ৰী বৰাই উল্লেখ কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: আমেৰিকাত ভাৰতীয় প্ৰতিভাৰ জয়ধ্বজাঃ সুন্দৰ পিচাইৰ ২০১৯ৰ দৰমহা ২৮১নিযুত ডলাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story