লাঠিৰে প্ৰহাৰ কৰাৰ পিছত মৃত্যক সাৱটিলে বাঘিনীয়ে :ভিডিঅ’ কৰি কমেন্ট্ৰীও গাঁৱবাসীয়ে

লাঠিৰে প্ৰহাৰ কৰাৰ পিছত মৃত্যক সাৱটিলে বাঘিনীয়ে :ভিডিঅ’ কৰি কমেন্ট্ৰীও গাঁৱবাসীয়ে

লাঠিৰে প্ৰহাৰ কৰাৰ পিছত মৃত্যক সাৱটিলে বাঘিনীয়ে । এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ পিলীভীট জিলাত। এটা বাঘক লাঠিৰে মৰিয়াই থকা এটি ভিডিঅ’ সততে চৰ্চা লাভ কৰিছে ৷ঘটনাটো সংঘটিত হৈছে লক্ষ্ণৌৰ পৰা প্ৰায় ২৪০ কিলো’মিটাৰ দূৰত্বত অৱস্থিত পীলীভিট বাঘৰ ৰিজাৰ্ভ এখনত ৷ বুধবাৰে বিয়লি মাটেইনা গাঁৱত বাঘটোক প্ৰহাৰ কৰে গাঁৱবাসীয়ে ৷ আৰু আশ্চৰ্য্যজনক ভাৱে বাঘটোক প্ৰহাৰ কৰা সময়ত এজন লোকে ভিডিঅ’ কৰে ৷যি ভিডিঅ’ দেখি খঙত ক্ষোভিত হৈ পৰে প্ৰতিজন লোক ৷ আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জনসাধাৰণে ৷ বাঘটোক প্ৰহাৰ কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি থাকে ৷ মন্তব্য অনুসৰি বাঘটোৱে পুৱা সেই গাঁৱৰ প্ৰায় ৯ জন বাসিন্দাক আক্ৰমণ কৰিছিল ৷

ইফালে বাঘটো আছিল প্ৰায় ছবছৰীয়া ৷ দুৰ্ভাগ্য বশত বাঘটোৰ হাড় ভগাৰ কাৰণে ছবছৰীয়া বাঘটোৰ মৃত্যু হয়। আৰু প’ষ্টমৰ্টেনৰ পিছত বাঘটোৰ অন্তিম সংস্কাৰ কৰা হয়। স্থানীয় বন আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত ৩১ জন লোকক চিহ্নিত গাঁৱবাসীৰ বিৰুদ্ধে প্ৰাথমিক তদন্ত আৰম্ভ কৰি চাৰি জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

এক বিশেষ তথ্য অনুসৰি বাঘটোক আক্ৰমণ কৰাৰ পিছতে সেই স্থানত বন বিভাগৰ লোক উপস্থিত হয় যদিও গাঁওবাসীয়ে তেওঁলোকৰ লগত মাৰ পিট আৰম্ভ কৰে আৰু বাঘটোক চিকিৎসালয়লৈ লৈ যোৱাত বাধা প্ৰদান কৰে ৷যাৰ ফল স্বৰূপে বাঘটোৰ মৃত্যু হয় ।পিলিভিত জিলাৰ মেজিষ্ট্ৰেট বৈভৱ শ্ৰী বাস্তৱে কয় যে বন বিভাগৰ দল সময়মতে আহি উপস্থিত হৈছিল যদিও বাঘটো ইমান অশান্ত হৈ আছিল যে বাঘটোক শান্ত কৰাৰ চেষ্টাও কৰা হৈছিল ৷

লগতে বন বিভাগে স্থানীয় বাসিন্দাৰ পৰা বাঘটোৰ জীৱন বছাবৰ কাৰণে কেনেধৰণৰ পদক্ষেপ হাতত লৈছিল সেই বিষয়েও তদন্ত হ’ব ৷আন এক তথ্য অনুসৰি বাঘটোৱে নিজৰ ঠাইত অৰ্থাৎ মানুহৰ আশে পাশে ভ্ৰমণ কৰিছিল যাৰ কাৰণে বাঘটোক আক্ৰমণ কৰিছিল গাঁৱবাসীয়ে ৷ এক সমীক্ষাত প্ৰকাশ পাইছে যে পীলীভিট টাইগাৰ ৰিজাৰ্ভত ২০১২ চনৰ পৰা প্ৰায় ১৬ বাঘৰ মৃত্যু হৈছে ৷বাঘৰ মৃত্যু নানা ধৰণৰ অসুখ,সংক্ৰমক ৰোগ আদিৰ কাৰণে হৈছিল ৷কিন্তু প্ৰথমবাৰৰ কাৰণে গাঁৱবাসী একত্ৰিত হৈ এটি বাঘৰ মৃত্যু হোৱা কাণ্ডই যথেষ্ট চৰ্চা লাভ কৰিছে । আৰু আশ্চৰ্য্যজনকভাৱে বন বিভাগৰ লোক সময়মতে উপস্থিত হোৱাৰ পিছতো গাঁৱবাসীৰ আক্ৰমণৰ পৰা বাঘটোক ৰক্ষা কৰাত অসমৰ্থ হয় বন আৰক্ষীসকল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com