চলন্ত ৰেলত কনিষ্টবলে ধৰ্ষণ কৰিলে তিহাৰ কাৰাগাৰৰ কয়দীক

চলন্ত ৰেলত কনিষ্টবলে ধৰ্ষণ কৰিলে তিহাৰ কাৰাগাৰৰ কয়দীক

ৰক্ষকৰ ৰূপতে ভক্ষক । চলন্ত ৰেলতে কয়দীক ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হৈছে । কোৰ্টৰ শুনানিৰ বাবে এগৰাকী মহিলা কয়দীক পশ্চিম বংগলৈ লৈ যোৱা হৈছিল । লৈ যোৱাৰ পথতে চলন্ত ৰেলত দিল্লী আৰক্ষী কনিষ্ঠবল এজনে ধৰ্ষণ কৰে । ৰেলৰ শৌচাগাৰৰ ভিতৰতে ধৰ্ষণ কৰে মহিলা কয়দী গৰাকীক । সোমবাৰে নতুন দিল্লীৰ ৰেলৱে ষ্টেচনত ইতিমধ্যে গোচৰ ৰুজু কৰিছে ।

প্ৰকাশ কৰা মতে, নন্দন কানন এক্সপ্ৰেছত আগষ্টৰ ৩ তাৰিখে ধৰ্ষণ কৰা হৈছিল। মুৰছিদাবাদত কোৰ্টৰ শুনানিৰ পিছত দিল্লীৰ পৰা উভতি আহিছিল । পিছদিনা ৪২ বছৰীয়া মহিলা গৰাকীয়ে নতুন দিল্লীৰ তিহাৰ জেলৰ চিকিৎসকক এই ঘটনাৰ কথা প্ৰকাশ কৰে ।

কনিষ্ঠবল জন দিল্লী সেনা আৰক্ষীৰ সদস্য আছিল । এজন পুৰুষ কনিষ্ঠবল আৰু দুগৰাকী মহিলা কনিষ্ঠবলে কোৰ্টত হাজিৰ কৰাবৰ বাবে পশ্চিম বংগলৈ নিয়া হৈছিল ।

ৰবিবাৰে মহিলা গৰাকীয়ে কাৰাগাৰৰ চিকিৎসকক প্ৰকাশ কৰিছিল। তাৰ পাছত মহিলা গৰাকীক পশ্চিম দিল্লীৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে । চিকিৎসকে ধৰ্ষণ কৰা প্ৰকাশ কৰে ।

মহিলা গৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে , মহিলা আৰক্ষী দুগৰাকী আৰু কনিষ্ঠবল গৰাকীয়ে মহিলা গৰাকীক শৌচাগাৰলৈকে লৈ গৈছিল । তাৰ পাছত মহিলা দুগৰাকীক নিজৰ আসনলৈ যাবলৈ কয় । তাৰ পাছত কনিষ্ঠবল জনে মহিলা গৰাকীক বলপূৰ্বক ভিতৰলৈ লৈ যায় আৰু ধৰ্ষন কৰে ।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ইতিমধ্যে কনিষ্ঠবল জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে ।

২০১৮ চনত প্ৰায় ২,১৩৫ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল । উল্লেখযোগ্য যে, যোৱা দুটা মাহত আৰক্ষী আৰক্ষীৰ ধৰ্ষণৰ এইটো দ্বিতীয়টো ঘটনা। জুলাই ২০ তাৰিখে পশ্চিম দিল্লীৰ এজন কনিষ্ঠবলৰ ঘৰত কাম কৰা ১৪ বছৰীয়া যুৱতীক ধৰ্ষণ কৰা হৈছিল । ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কিশোৰী গৰাকীক ধৰ্ষণ কৰা হয়। এই গোচৰৰ তদন্ত অব্যাহত আছে। অভিযুক্ত ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে ।

চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ১৫ জুলাইলৈকে চহৰ খনত ১,১৮৫ ৰো অধিক সংঘটিত হৈছে । ২০১৮ চনত প্ৰায় ২,১৩৫ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com