ভাৰতত ক’ৰ’না আক্ৰান্ত ব্যক্তিৰ সংখ্যা প্ৰায় ৩১,৭৮৭ লৈ বৃদ্ধি ,২৪.৫% সুস্থ

ভাৰতত ক’ৰ’না আক্ৰান্ত ব্যক্তিৰ সংখ্যা প্ৰায় ৩১,৭৮৭ লৈ বৃদ্ধি ,২৪.৫% সুস্থ

ভাৰতত ক’ৰ’না আক্ৰান্ত ব্যক্তিৰ সংখ্যা প্ৰায় ৩১,৭৮৭ লৈ বৃদ্ধি ,২৪.৫% সুস্থ ।

সমগ্ৰ বিশ্ব এতিয়া ক’ৰ’নাৰ গ্ৰাসত । দেশতো ক’ৰ’নাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। দিনকদিনে বৃদ্ধি পাইছে এই মহামাৰীত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। সমান্তৰাল ভাৱে বৃদ্ধি পাইছে মৃতৰ সংখ্যাও । বুধবাৰৰ তথ্য অনুসৰি দেশত ক’ৰ’না আক্ৰান্ত ব্যক্তি প্ৰায় ৩১,৭৮৭ জন। বুধবাৰৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত নতুন ১,৮১৩ টা ক’ৰ’না পজিটিভ ঘটনা পোহৰলৈ অহাৰ লগতে মৃত্যু হয় ৭১ জন লোকৰ ।

সম্প্ৰতি দেশত প্ৰায় ২২,৯৮২ টা ক’ৰ’না সক্ৰিয় ঘটনা আছে । তদুপৰি ৭,৭৯৭ জন‌ লোক সুস্থ হৈ উঠিছে আৰু ১,০০৮ জনেমৃত্যুবৰণ কৰিছে । অৰ্থাৎ ক’ৰ’নাৰ সুস্থ ৰোগী প্ৰায় ২৪.৫শতাংশ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি দেশৰ মহাৰাষ্ট্ৰত সবাতোকৈ অধিক ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হৈছে । ৯,৩১৮ জন‌ পজিটিভ ব্যক্তিৰ সৈতে মহাৰাষ্ট্ৰ শীৰ্ষস্থানত আছে । লগতে ৪০০ জন লোকৰ মৃত্যু হৈছে। তাৰ পিছতে গুজৰাটত প্ৰায় ৩,৭৭৪ জন ব্যক্তি, দিল্লীত প্ৰায় ৩,৩১৪ জন ব্যক্তি আক্ৰান্ত হৈছে মহামাৰী কোৰোনাত ।

২০০০ ৰ ওপৰত ক’ৰ’না পজিটিভ ব্যক্তি থকা ৰাজ্য‌সমূহৰ ভিতৰত হ'ল মধ্য প্ৰদেশ প্ৰায় ২,৫৬১ জন , ৰাজস্থানত প্ৰায় ২,৩৬৪ জন, তামিল নাডুত প্ৰায় ২০৫৮ জন, উত্তৰ প্ৰদেশত প্ৰায় ২,১১৫ জন।

অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পালে। ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ৱিড-১৯আক্ৰান্ত। আজি বৃহস্পতিবাৰে একেদিনাই বঙাইগাঁৱত চাৰিজন ক’ৱিড-১৯আক্ৰান্ত চিনাক্ত কৰা হয়। এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰত মন্ত্ৰীজনে কয় যে সম্প্ৰতি ৰাজ্যত ক’ৱিড-১৯আক্ৰান্তৰ সংখ্যা ৪১জনলৈ বৃদ্ধি পাইছে। কাৰণ বঙাইগাঁও জিলাত চাৰিজন ক’ৱিড-১৯আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰ পূৰ্বেও জিলাখনত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ শৰীৰত ক’ৱিড-১৯ ধৰা পৰে। মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যত ১১ জন ক’ৱিড-১৯আক্ৰান্ত হাস্পতালত আছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com