Begin typing your search above and press return to search.

ৰাজ্যৰ ৩৩ জিলাৰ ৩০খনেই ক’ৱিড-১৯ সেউজ মণ্ডলত অন্তৰ্ভুক্ত কেন্দ্ৰৰ

ৰাজ্যৰ ৩৩ জিলাৰ ৩০খনেই ক’ৱিড-১৯ সেউজ মণ্ডলত অন্তৰ্ভুক্ত কেন্দ্ৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 May 2020 12:17 PM GMT

ৰাজ্যৰ ৩৩ জিলাৰ ৩০খনেই ক’ৱিড-১৯ সেউজ মণ্ডলত অন্তৰ্ভুক্ত কেন্দ্ৰৰ

সুখবৰ! কিন্তু সকলোৱেই সাৱধানতা অৱলম্বন কৰি চলক! ৰাজ্যৰ ৩৩জিলাৰ ৩০ খনত এজনো ক’ৱিড-১৯

ৰোগী নাই। ইযাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই ৩০ জিলাক ক’ৱিড-১৯ সেউজ মণ্ডল অথবা গ্ৰীণ জ’নৰূপে আখ্যা দিছে। এই কথা সদৰী কৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে টুইটাৰত কয়, “ এই সুখবৰ যে ৰাজ্যৰ ৩৩ জিলাৰ ৩০খনকে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে গ্ৰীণ জ’নত অন্তৰ্ভুক্ত কৰিছে। আন তিনিখনৰ দুখনক সুমথিৰা মণ্ডল (অৰেঞ্জ জ’ন) আৰু আনখনক ৰেড জনত অন্তৰ্ভুক্ত কৰিছে। আমাৰ ৰাজ্যৰ অধিকাংশ জিলাকে গ্ৰীণ জনত অন্তৰ্ভুক্ত কৰাটো সুখবৰ। কিন্তু আমি সাৱধান আৰু সতৰ্ক হৈ চলিব লাগিব। ক’ৱিড-১৯ৰ বিৰুদ্ধে যুদ্ধ অব্যাহত আছে”। ইপিনে, ৰাজ্যত কালি বৃহস্পতিবাৰলৈকে ৰাজ্যত ক’ৱিড-১৯আক্ৰান্তৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি পায় । বৃহস্পতিবাৰে একেদিনাই বঙাইগাঁৱত চাৰিজন ক’ৱিড-১৯আক্ৰান্ত চিনাক্ত কৰা হয়। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কয় যে সম্প্ৰতি ৰাজ্যত ক’ৱিড-১৯আক্ৰান্তৰ সংখ্যা ৪২জনলৈ বৃদ্ধি পাইছে। কাৰণ বঙাইগাঁও জিলাত চাৰিজন আৰু কৰিমগঞ্জত এজন ক’ৱিড-১৯আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰ পূৰ্বেও বঙাইগাঁৱত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ শৰীৰত ক’ৱিড-১৯ ধৰা পৰে। মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যত ১২ জন ক’ৱিড-১৯আক্ৰান্ত হাস্পতালত আছে। আন ২৭ জন সুস্থ হোৱাত তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। আনহাতে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ১১ জিলাৰ ১০খনকে গ্ৰীণ জ’নত অন্তৰ্ভুক্ত কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: তলাবন্ধৰ আৰ্থিক ক্ষতি পূৰণৰ চেষ্টাঃ মণিপুৰত স্থানীয়ভাবে তৈয়াৰী চাউলৰ পাপড় মুকলি

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story