Begin typing your search above and press return to search.

অসমত ১০০ খন বৈদ্যুতিক বাছঃ ইয়াৰে ৫০ খন মহানগৰীত

অসমত ১০০ খন বৈদ্যুতিক বাছঃ ইয়াৰে ৫০ খন মহানগৰীত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Aug 2019 11:27 AM GMT

কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰ্যালয়ে অসমৰ কাৰণে ১০০ খন বৈদ্যুতিক বাছ মোকলাই দিছে ৷ইয়াৰে ৫০ খন গুৱাহাটী মহানগৰী আৰু ২৫ খন ক্ৰমে শিলচৰ আৰু যোৰহাটৰ কাৰণে মোকলাই দিছে বুলি তথ্য পোৱা গৈছে ৷এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি চৰকাৰে উদ্যোগৰ বিভাগৰ আধাৰত ৬৪ খন চহৰত ৫৫৯৫ খন বৈদ্যুতিক বাছৰ মঞ্জুৰী দিছে ৷

ইফালে পৰিবহনৰ ক্ষেত্ৰত চৰকাৰৰ এই সিদ্ধান্তই সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে ৷ আনহাতে ১৫ আগষ্টত সমগ্ৰ দেশ জুৰি পালন কৰা হ’ব ৰাশী বন্ধন ৷ এই দিৱসৰ লগত সংগতি ৰাখি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ভগ্নীসকলৰ কাৰণে প্ৰদান কৰিছে বিনামূলীয়া বাছ সেৱা ৷ সকলো ধৰণৰ ৰাজ্যিক নিগমৰ বাছ আৰু চিটী বাছত ৰাশী বন্ধনৰ দিনা মহিলাসকনে বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব।

উত্তৰ প্ৰদেশৰ পৰিবহন মন্ত্ৰী স্বাতন্ত্ৰ সিঙে বিভাগটোক এই নিৰ্দেশনাৰ প্ৰস্তুতি চলাবলৈ কৈছে । উত্তৰ প্ৰদেশৰ পৰিবহন বিভাগে ১৩ আগষ্টৰ পৰা অধিক বাছৰ ব্যৱস্থা কৰিছে । ১৮ টা স্থানৰ বাবে অধিক বাছ সেৱাৰ ব্যবস্থা কৰিছে । দিল্লী মিৰাট, চাহাৰানপুৰ, আগ্ৰা, মুৰাদাবাদ , বাৰেইলি, লক্ষ্ণৌ , কানপুৰ , গৰাখপুৰ, প্ৰায়াগ্ৰাজ , বাৰানষী আদি গুৰুত্ব পুৰ্ণ চহৰ সমূহত এই ব্যবস্থা কৰা হৈছে ।এই সময়ছোৱাত পৰিবহন নিগমৰ বাছত মহিলাৰ নিৰাপত্তাৰ প্ৰতি দৃষ্টি ৰাখি নিৰাপত্তাৰক্ষী মোতায়েন কৰা সন্দৰ্ভতো জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে ঘোষণা কৰে যে ৰাশী বন্ধন উপলক্ষ্যে ৰাজ্যখনত সম্পূৰ্ণৰূপে বিনামূলীয়া কৰা হ’ব মহিলাৰ যাতায়ত।

ৰাশী বন্ধনৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই উপহাৰকলৈ সকলো মহিলাই আদৰণি জনাইছে ।ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ এনাজৰীডাল অধিক শক্তিশালী কৰাৰ বাবে ১৫ আগষ্টত সমগ্ৰ দেশতে পালন কৰা হ’ব ৰাশী বন্ধন।

অধিক খবৰৰ বাবে পঢ়ক: গুৱাহাটী চিটী বাছৰ কাৰণে এক বিশেষ পদক্ষেপ

ভিডিঅ প্ৰতক্ষ্য কৰক:Symposium on “Draft National Education Policy 2019 & New India” organized at IIT Guwahati

Next Story
চাকৰি