বঙাইগাঁৱত সুধাকণ্ঠৰ গীত গাই ক’ৱিড-১৯ৰ যুঁজাৰুক অনুপ্ৰাণিত কৰাৰ প্ৰয়াস মহিলা চিকিৎসকৰ

বঙাইগাঁৱত সুধাকণ্ঠৰ গীত গাই ক’ৱিড-১৯ৰ যুঁজাৰুক অনুপ্ৰাণিত কৰাৰ প্ৰয়াস মহিলা চিকিৎসকৰ

সংস্পৰ্শৰ দ্বাৰা সোঁচৰা ক’ৱিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত ব্ৰতী হ’বলৈ স্বাস্থ্যকৰ্মীসকলক অনুপ্ৰাণিত কৰাৰ অভিনৱ পন্থা অৱলম্বন কৰিলে অসমৰ এগৰাকী মহিলা চিকিৎসক আৰু তেওঁৰ সতীৰ্থ তথা সহযোগী স্বাস্থ্যকৰ্মীয়ে ৷ সম্প্ৰতি বঙাইগাঁৱত কৰ্মৰত এই চিকিৎসকগৰাকীয়ে সুধাকণ্ঠৰ কিছু কালজয়ী গীত গাই ক’ৱিড-১৯ৰ যোদ্ধা তথা স্বাস্থ্যকৰ্মীসকলক এই যুঁজত জঁপিয়াই পৰিবলৈ অনুপ্ৰাণিত কৰাৰ প্ৰয়াস কৰিছে ৷ গীতৰ কথাৰে তেওঁলোকে সাধাৰণ মানুহক ঘৰৰ ভিতৰতে সোমাই থাকিবলৈও আহ্বান জনাইছে ৷ এনে অভিনৱ পন্ঢাৰে ক’ৱিড-১৯ৰ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা এই চিকিৎসকগৰাকীৰ নাম ডাঃ স্নেহা শৰ্মা ৷ তেওঁৰ এই প্ৰয়াসে ৰাইজৰ ইতিবাচক সঁহাৰি লাভ কৰিছে ৷ ডাঃ শৰ্মাই সু-সাহিত্যক চৈয়দ আব্দুল মালিক ৰচিত “জীৱনে মৰণে মই চিৰদিন অসমীয়া”, সুধাকণ্ঠৰ “মানুহে মানুহৰ বাবে" আদি গীত গাই স্বাস্থ্যকৰ্মীসকলক উদ্ধুদ্ধ কৰাৰ চেষ্টা কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com