ল’ক-ডাউনৰ মাজতে ঘৃণনীয় ঘটনাঃ মধ্যপ্ৰদেশত ছবছৰীয়া শিশুক ধৰ্ষণ

ল’ক-ডাউনৰ মাজতে ঘৃণনীয় ঘটনাঃ মধ্যপ্ৰদেশত ছবছৰীয়া শিশুক ধৰ্ষণ

ল’ক-ডাউনৰ মাজতে ঘৃণনীয় ঘটনাঃ মধ্যপ্ৰদেশত ছবছৰীয়া শিশুক ধৰ্ষণ

ক’ৰ’না মহামাৰীৰ বিভীষিকাৰ মাজতে মধ্যপ্ৰদেশত এজন ২১বছৰীয়া যুৱকৰ বিকৃত কামনাৰ বলি হ’ল এটি ছবছৰীয়া শিশু ৷ অভিযোগ অনুসৰি ৰাজ্যখনৰ দামোহ জিলাৰ শিশুটিক যুৱকজনে বুধবাৰে সন্ধিয়া ঘৰৰ ওচৰৰ পৰা অপহৰণ কৰি নি এঠাইত উপৰ্যুপৰি ধৰ্ষণ কৰি পেলাই থৈ যায় ৷ যুৱকজনৰ আসুৰিক অত্যাচাৰত ভুক্তভোগী শিশুটিয়ে চিৰদিনৰ বাবে দৃষ্টিশক্তিও হেৰুৱালে ৷ ভুক্তভোগীৰ ঘৰ দামোহ জিলাৰ জাবেৰা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত ৷ ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে ৷ জেৰাত তেওঁ শিশুটিক অপহৰণ কৰি নি ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰিছে ৷ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৬৬, ৩৭৬, ৩৬৩ আৰু শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ৷ এই কথা সদৰী কৰে আৰক্ষী মহা পৰিদৰ্শক (সাগৰ মণ্ডল) অনিল শৰ্মাই ৷ আনহাতে, দামোহ জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত চৌহানে জনোৱা মতে, ঘটনাৰ দিনা সন্ধিয়া ওচৰৰে দোকানলৈ বুলি শিশুটি ঘৰৰ পৰা ওলাই অহাৰ সময়তে অভিযুক্ত যুৱকজনে তেওঁক অপহৰণ কৰে ৷ পাছত শিশুটিৰ পৰিয়ালৰ লোকে অনেক বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাছিল ৷ পিছদিনা শোচনীয় অৱস্থাত শিশুটিক আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ ইপিনে, এই নাৰকীয় কাণ্ডৰ বাবে ৰাজ্যখনৰ বিজেপি চৰকাৰক জগৰীয়া কৰিছে বিৰোধী কংগ্ৰেছে ৷ দলৰ ৰাজ্যিক নেতা কমল নাথে কয়, “ লক-ডাউনৰ বাবে সাধাৰণ মানুহে ঘৰৰ পৰা ওলাব পৰা নাই ৷ কিন্তু অপৰাধীয়ে মুক্ত বিচৰণ কৰি আছে ৷ এই ঘটনাই ইয়াকে প্ৰমাণিত কৰিলে" ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com