মহিলা সৱলীকৰণৰ ওপৰত ছবি নিৰ্মাণ কৰিলেও মই ৰাউডী ৰাথোৰ আৰু হাউচফুলো কৰিছো: অক্ষয় কুমাৰ

মহিলা সৱলীকৰণৰ ওপৰত ছবি নিৰ্মাণ কৰিলেও মই ৰাউডী ৰাথোৰ আৰু হাউচফুলো কৰিছো: অক্ষয় কুমাৰ

অক্ষয় কুমাৰ,বলীউডৰ ৫১ বছৰীয়া অভিনেতা ৷ কিন্তু ৫১ বছৰ হৈছে যদিও সম্প্ৰতি অক্ষয়ে প্ৰতিপন্ন কৰিছে যে সফলতাত বয়স কেতিয়াও প্ৰাচীৰ হ’ব নোৱাৰে। অক্ষয় কুমাৰৰ লগত হোৱা এটি সাক্ষাৎকাৰত অভিনেতা গৰাকীয়ে অভিনয় জীৱনৰ সাফল্যৰ কাৰণে সংবাদ মাধ্যম,অনুৰাগী সকলোকে ধন্যবাদ জ্ঞাপন কৰে । অভিনেতাগৰাকীৰ সদ্য চৰ্চিত ছবি মিশ্যন মংগল,হাউচফুল ৪,গুড নিউজ,সূৰ্যবংশী আৰু লক্মী বম্ব আদিৰ দৰে ছবিৰ জৰিয়তে বলীউডৰ ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে অক্ষয় কুমাৰ৷

ইফালে সাক্ষাৎকাৰটোত অক্ষয় কুমাৰ কিয় অনতি পলমে বলীউডৰ ছবিৰ পৰা বিদায় লোৱা নাই ৷ লগতে বলীউডত লাভ কৰা ইমান সাফল্যৰ পিছতো কিয় হলীউডৰ ছবিত অভিনয় কৰিব বিচৰা নাই সেই সম্পৰ্কে প্ৰকাশ কৰে ৷ অক্ষয় কুমাৰৰ ছবিসমূহে কেৱল যে প্ৰেৰণা দিয়ে এনে নহয় ৷তেওঁৰ ছবিসমূহে সকলো অনুৰাগীকে মনোৰঞ্জন প্ৰদান কৰে ৷ এই সম্পৰ্কে অভিনেতা গৰাকীয়ে কয় যে মোৰ বেছিভাগ ছবি, যেনে ২০১৮ চনত মুক্তি পোৱা পেডমেন , ২০১৭ চনত মুক্তি পোৱা টয়লেট এক প্ৰেম কাথাঁ,মিশ্যন মংগল আদি ছবিসমূহ মহিলা সৱলীকৰণৰ ওপৰত আধাৰিত ৷কিন্তু মই হাউচফুল,ৰাওডী ৰাথোৰ আৰু গুড নিউজৰ দৰে ছবিও কৰিছোঁ ৷গতিকে এনে কোৱা কথা নাই ৷যেতিয়াই মই ভাল কাহিনী পাওঁ ৷তেতিয়াই মই অভিনয় কৰোঁ ৷ মই সকলো ধৰণৰ ছবি কৰিব বিচাৰোঁ ৷

অক্ষয় কুমাৰে প্ৰায় ভাগসমূহ ছবিৰ শৈলী ভিন্ন ধৰণৰ হয় ৷লগতে তেওঁৰ চৰিত্ৰসমূহো পৃথক ৷এই সন্দৰ্ভত অক্ষয় কুমাৰে কয় এই সকলোবোৰ মই মোৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰিছোঁ ৷ কাৰণ যেতিয়া মই বেছি এক্সন ধৰ্মী ছবি কৰোঁ সকলোৱে মোক কয় মই কেৱল এক্সনহে কৰিব পাৰোঁ ৷তেতিয়া মই কমেডী কৰিবলৈ ল’লো ৷তেতিয়া আকৌ সকলোৱে সেই ছবিসমূহৰ কথা ক’বই আৰম্ভ কৰিলে ৷গতিকে মই ভাবিলো যে মই ভিন্ন ধৰ্মী ছবি কৰিব বিছাৰোঁ ৷সেয়েহে অভিনেতা গৰাকীয়ে সংবাদ মাধ্যমক সমালোচনাৰ কাৰণে ধন্যবাদ জনায় ৷

সততে বলীউডত নৱ প্ৰজন্মৰ অভিনেত্ৰীশীসকলৰ সৈতে অভিনয় কৰা দেখা যায় অক্ষয় কুমাৰক ৷ গতিকে এই ক্ষেত্ৰত অক্ষয়ে কেনেদৰে অভিনয় কৰে সেই সম্পৰ্কে কয় যে চৰিত্ৰটোৰ কাৰণে মানুহজন কিমান উপযুক্ত হ’ব সেয়াহে অধিক গুৰুত্ব পূৰ্ণ কথা ৷অভিনেতা বা অভিনেত্ৰী গৰাকী কিমান ডাঙৰ সেয়া ডাঙৰ কথা নহয়। ময়ো জীৱনত বহু চৰিত্ৰ হেৰুৱাইছো ৷যেতিয়া মই টয়লেট ছবিৰ কাৰণে সাজু হৈছিলো ৷তেতিয়া সেই চৰিত্ৰটো মোৰ কাৰনে প্ৰত্যাহ্বান পূৰ্ণ আছিল। কিন্তু মই কৈছিলো যে ঠিক আছে এই চৰিত্ৰটোৰ কাৰণে সাজু হওঁ ৷

ইফালে অক্ষয় কুমাৰৰ বেছিভাগ ছবিয়েই বিশ্বত মুক্তি লাভ কৰে। এই সন্দৰ্ভত অভিনেতা গৰাকীয়ে কয় যে নিজৰ ছবিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখাটো বহু ডাঙৰ কথা ৷ যিয়ে এগৰাকী অভিনেতাক বহুত সুখ দিয়ে ৷ ভাল ছবিৰ কাৰণে সমগ্ৰ বিশ্বৰ দু্ৱাৰ নিশ্চয়কৈ খোল খাব । হলীউডৰ ছবিয়ে উপস্থাপন নকৰা প্ৰসংগক বলীউডে সেই প্ৰসংগসমূহক লৈ ছবি নিৰ্মাণ কৰিছে।

বলীউডৰ ছবিত একেৰাহে লাভ কৰা সফলতাৰ পিছত হলীউডৰ ছবি অভিনয় নকৰাৰ প্ৰসংগক কয় যে এনে কোনো কথা নাই যে মই হলীউড ছবিৰ প্ৰস্তাৱ লাভ কৰা নাই ৷কিন্তু যিমান ছবিৰ প্ৰস্তাৱ আহিছে সেই সমূহ ছবিৰ কাহিনীক পছন্দ কৰা নাই অভিনেতা গৰাকীয়ে । লগতে বলীউডৰ ছবিত নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ বহু সুবিধা হয় বুলি কোৱাৰ লগতে বলীউডৰ ছবিত অভিনয় কৰিয়ে বহুত সুখী বুলি মন্তব্য কৰে অক্ষয় কুমাৰে ৷ সততে এক গুজৱ উলাই যে অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্নাই অভিনেতাজনৰ প্ৰত্যেকটো কাহিনীত তীক্ষ্ণ দৃষ্টি ৰাখে ৷ এই ক্ষেত্ৰত অক্ষয়ে কয় যে মই তেওঁৰ লগত সদায় আলোচনা কৰোঁ ৷কিন্তু তাই মোক কয় যে তোমাৰ যি ভাল লাগে কৰা ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com